বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনক এইবাৰ দেখা যাব হলিউডৰ দ্বিতীয়খন ছবিত। উল্লেখ্য যে ৰোমান্টিক কমেডি বিষয়বস্তু সন্নিবিষ্ট এই ছবিখনৰ প্ৰযোজনাৰ ক্ষেত্ৰত অভিনেত্ৰীগৰাকীৰ ‘Ka Productions’ও জড়িত হৈ আছে।প্ৰাপ্ত তথ্য মৰ্মে “Eros STX Global Corporation” য়ে সদৰী কৰে এই কথা।
STX ৰ সভাপতি আদাম ফগেলছ’নৰ মতে দীপিকা ভাৰতৰ জনপ্ৰিয় আন্তঃৰাষ্ট্ৰীয় অভিনেত্ৰী সকলৰ ভিতৰত এগৰাকী।উল্লেখ্য যে অভিনেত্ৰী গৰাকীয়ে ‘XXx: Return of Xander Cage’ নামৰ ছবিৰ জৰিয়তে হলিউডত প্ৰথম ভূমুকি মাৰিছিল। বৰ্তমান হলিউডৰ পৰৱৰ্তী এই চিনেমাখনৰ বাবে যথেষ্ট উৎসাহিত হৈ আছে অভিনেত্ৰী গৰাকী।
প্ৰাপ্ত তথ্য মতে আহিবলগীয়া চিনেমাখন দুটা বেলেগ বেলেগ সংস্কৃতিৰ ওপৰত আধাৰিত আৰু এখন ৰোমান্টিক কমেডি ছবি। অভিনেত্ৰী গৰাকীয়ে জনোৱা মতে তেঁওৰ প্ৰযোজনা কোম্পানীটোয়ে এইক্ষেত্ৰত আগভাগ লোৱাত এক বিশেষ লক্ষ্য আছে।কিছুমান অৰ্থবহ কাহিনী বিশ্বৰ আগত দাঙি ধৰিবলৈকে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ।
উল্লেখ্য যে “Eros STX Global Corporation” কোম্পানীটোৱে “Twilight”, “The Fault in Our Stars”, “Love, Simone” আদি হলিউডৰ জনপ্ৰিয় ছবি প্ৰযোজনা কৰা “Temple Hill Productions” আৰু তাৰ প্ৰযোজক “Marty Bowen”ৰ লগতো এই ক্ষেত্ৰত আলোচনা কৰিছে বুলি জানিব পৰা গৈছে।