শীঘ্ৰে পুৰণ হ’ব ৰাজ্যৰ উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ আৰু হাইস্কুলসমূহৰ প্ৰধান শিক্ষকৰ পদ ৷ বিদ্যালয় শিক্ষা বিভাগে মাধ্যমিক শিক্ষা সঞ্চালকক সকলো খালী পদৰ তালিকা দাখিল কৰিবলৈ নির্দেশ দিছে ৷ বিভাগীয় নিয়মাৱলী অনুসৰি বাচনি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈয়ো নির্দেশ দিছে বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ন কোৱঁৰে ৷
ইফালে যোৱা ৩০ আগষ্টত জনতা ভৱনত শিক্ষামন্ত্ৰীয়ে অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতাৰ নেতৃত্বত যোৱা এটি সজাতি দলৰ সৈতে শৈক্ষিক খণ্ডৰ কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ এক আলোচনাত মিলিত হৈছিল৷ প্ৰধান শিক্ষক বাচনি আৰু অধ্যক্ষ নতুন নিযুক্তি আদিকে ধৰি বিভিন্ন আলোচনাৰ পিচত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই সকলোবোৰৰ সমাধান অতি কম দিনৰ ভিতৰত সমাধান হব বুলি আস্বাস দিছিল৷ সেই মৰ্মে প্ৰধান শিক্ষক অধ্যক্ষ নিযুক্তৰ বাবে বাচনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ অধিসূচনাও জাৰি কৰিছে৷ শিক্ষাবিধিৰ সংশোধনীও ইতিমধ্যে ৰূপায়ন কৰা হৈছে৷
শিক্ষামন্ত্ৰী গৰাকীয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ স্কুল শিক্ষা বিভাগৰ সচিব, নাৰায়ণ কোৱৰৰ তৎপৰতা আৰম্ভ কৰা বাবে শিক্ষামন্ত্ৰীক বিশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই৷ এক প্ৰেছ বিবৃতিত সন্থাৰ সভাপতি মকিবৰ ৰহমান আৰু সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতাই কয় যে বৰ্তমানৰ দক্ষ আৰু গতিশীল মুখ্যমন্ত্ৰী আৰু বুদ্ধিদীপ্ত শিক্ষামন্ত্ৰীৰ নেৰানেপেৰা চেষ্টাত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাখণ্ডত এক নবজাগৰণ আৰম্ভণি হৈছে৷ শিক্ষকশূণ্য বিদ্যালয় প্ৰায় নাইকীয়া হৈছে৷ প্ৰধান শিক্ষক নিযুক্তিৰ কেৰোণ সমুহো সমাধানৰ পথত৷ সন্থাৰ সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতাই শিক্ষামন্ত্ৰীৰ ভূয়সী প্ৰশংসা কৰি কয় –“ শিক্ষামন্ত্ৰীক লৈ আমি যথেষ্ট আশাবাদী৷”