ঘোষণা কৰা হ’ল গুৱাহাটী বিশ্ববিদ্যয়ালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নির্বাচনৰ দিন ৷ অহা ২৮ ছেপ্টেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা চলিত বৰ্ষৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। বুধবাৰে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ সামৰণি পৰে ৷
সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদক, সহঃ সাধাৰণ সম্পাদককে ধৰি মুঠ ১৫ টা পদৰ বাবে ৮৬ খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছে । নিৰ্বাচনী স্ক্ৰীনিং কমিটিৰ পৰীক্ষাৰ পাছত ৭৯ খন মনোনয়নক বৈধ বুলি ঘোষণা কৰা হয়। ইয়াৰ বিপৰীতে নাকচ কৰা হয় ৭ খন মনোনয়ন পত্ৰ ৷ আজি হৈছে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। আজি সন্ধিয়াৰ ভিতৰত প্ৰাৰ্থীৰ চূড়ান্ত তালিকা ঘোষণা কৰা হ’ব। এই তালিকা ঘোষণাৰ পাছতেই ২৬ ছেপ্টেম্বৰলৈকে নিৰ্বাচনী প্ৰচাৰ কৰিব পাৰিব প্ৰার্থীসকলে ৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনীৰ এক অন্যতম প্ৰক্ৰিয়া ‘মুকলি তৰ্ক’ কাৰ্যসূচী ২৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব। অহা ২৯ ছেপ্টেম্বৰত ভোটগণনা আৰু ফলাফল ঘোষণা কৰা হ’ব। ইতিমধ্যে নির্বাচনক লৈ বিশ্ববিদ্যালয় চৌহদত উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷