ঘোচখোৰ চৰকাৰী কর্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে অভিযান ৷ আজি পুনৰ দুর্নীতি নিবাৰকৰ জালত পৰিছে এজন চৰকাৰৰ কর্মচাৰী ৷ আজি দুর্নীতি নিবাৰক সঞ্চালকালয়ৰ এটা দলে ৰঙিয়াত গ্ৰেপ্তাৰ কৰে জ্যোতিৰ্ময় বৰুৱা নামৰ এজন কর্মচাৰীক ৷ তামুলপুৰৰ নাগ্ৰীজুলি আইচিডিএছ প্ৰকল্পৰ কণিষ্ঠ সহায়ক হিচাপে কর্মৰত হৈ আছিল জ্যোতিৰ্ময় বৰুৱা ৷ অভিযোগকাৰীৰ আত্মীয়ক অংগনবাড়ী কৰ্মী হিচাপে বাচনি কৰাৰ ক্ষেত্ৰত সহায় কৰি দিয়াৰ বাবে উৎকোচ দাবী কৰিছিল ৷ কিন্তু তেওঁ উৎকোচ দিয়াৰ পৰিৱর্তে দুর্নীতি নিবাৰকৰ কাষ চাপে ৷ ইয়াৰ ভিত্তিতে আজি উৎকোচ লোৱাৰ সময়ত হাতেলোটে গ্ৰেপ্তাৰ হয় জ্যোতির্ময় বৰুৱা ৷