বিদেশী লোকক প্ৰৱঞ্চনা কৰি অহা ভুৱা কলচেণ্টাৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ আজি পুনৰ মহানগৰীৰ বেলতলাৰ মেঘা প্লাজাৰ তৃতীয় মহলাৰ এটা কল চেণ্টাৰত মহানগৰ আৰক্ষীয়ে অভিযান চলায় ৷ সুৰানা উপাধিৰ এজন যুৱকৰ নেতৃত্বত এই কলচেণ্টাৰটো স্থাপন কৰা হৈছিল৷ আজি ধৃত সুৰানাক লগত লৈ আৰক্ষীয়ে অভিযান চলায় ৷ এই অভিযানৰ সময়ত কেইবাটাও কম্পিউটাৰসহ বহুসংখ্যক নথি পত্ৰ জব্দ কৰা হয় ৷
এই কলচেণ্টাৰটোৰ পৰাই বিভিন্ন দেশৰ লোকক টার্গেট কৰা হৈছিল ৷ অৱশ্যে এই কলচেণ্টাৰটোৰ বিষয়ে অৱগত নাছিল তাৰ আন ব্যৱসায়ীসকল ৷ কিয়নো দিনৰ ভাগত বন্ধ ৰখা হৈছিল কলচেণ্টাৰটো ৷ ইয়াৰ বিপৰীতে নিশাহে কলচেণ্টাৰটোৰ কামকাজ কৰা হৈছিল ৷ কলচেণ্টাৰটোৰ নাম দিয়া হৈছিল ইনফিনিটি হলিদেইছ ৷ অর্থাৎ ই এটা ট্ৰেভেল এজেন্সীৰ নামত পঞ্জীয়ন কৰি এনেদৰে লুণ্ঠন কৰি আহিছিল ৷
মহানগৰীত ক্ৰাইম ব্ৰাঞ্চে ৭ টা কলচেণ্টাৰ ইতিমধ্যে বন্ধ কৰিছে ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ অহা অনুসৰি পশ্চিমীয়া দেশৰ লোকসকলক টার্গেট কৰি লৈছিল এই কলচেণ্টাৰসমূহে ৷ ডলাৰত লাভ কৰা ধন কলকাতাত ভাৰতীয় টকালৈ ৰূপান্তৰিত কৰা হৈছিল ৷ কেইজনমান লোকে এই ধন হাৱালৰ জৰিয়তে পুনৰ প্ৰেৰণ কৰিছিল প্ৰৱঞ্চক কেইজনলৈ ৷ এনেদৰে লুন্ঠন কৰা ধনেৰে যুৱককেইজনে কটাইছিল বিলাসী জীৱন ৷