ভাৰত আৰু কানাডাত খালিস্তানী সমৰ্থক গেংষ্টাৰৰ মৃত্যুত পুনৰ দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি ঘটিছে । চোৰাংচোৱা সূত্ৰৰ পৰা জানিব পৰা মতে, দুটা গেঙৰ মাজত হোৱা সংঘর্ষত নিহত হয় সুখদুল সিং ওৰফে সুখা ডুনেকা। সুখদুল খালিস্তানী উগ্ৰপন্থী আৰ্শদীপ সিং ওৰফে আৰ্ছ দালাৰ ঘনিষ্ঠ বুলিও জনা যায়। ভাৰতে দীৰ্ঘদিন ধৰি আৰ্শদীপক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰি আহিছে।
কানাডাৰ ৱিনিপেগত গেংষ্টাৰ সুখদুলৰ মৃত্যু হয়। ২০১৭ চনত পঞ্জাৱৰ সুখদুলে ভুৱা নথি-পত্ৰ দেখুৱাই এখন পাছপ’ৰ্ট তৈয়াৰ কৰি দেশ এৰি থৈ গৈছিল। তেতিয়া তেওঁৰ বিৰুদ্ধে ৭টা অপৰাধমূলক গোচৰ ৰুজু হৈছিল। সুখদুলক পলায়ন কৰাত সহায় কৰা পঞ্জাৱৰ মোগা অঞ্চলৰ দুই আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল ।
ইতিমধ্যে কাৰাগাৰত বন্দী গেংষ্টাৰ লৰেন্স বিষ্ণইয়ে সুখদুলক হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে। বিষ্ণয় গেঙে প্ৰকাশ কৰা এটা ফেচবুক পোষ্টত কোৱা হৈছে যে সুখদুলে ‘পাপৰ শাস্তি’ লাভ কৰিছে।
কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে সোমবাৰে অভিযোগ কৰে যে কানাডাৰ মাটিত খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডত ভাৰতীয় চোৰাংচোৱা সংস্থা ৰ’ৰ “ভূমিকা” আছিল। প্ৰসংগক্ৰমে ট্ৰুডোৰ বক্তব্যৰ কিছু সময়ৰ পিছতে কানাডাৰ পৰা এজন ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰা হৈছিল। এই পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই মঙলবাৰে মোডী চৰকাৰে কানাডাৰ এজন শীৰ্ষ কূটনীতিবিদক পাঁচ দিনৰ ভিতৰত দিল্লী এৰি যাবলৈ নিৰ্দেশ দিয়ে। দ্বিপাক্ষিক কূটনৈতিক উত্তেজনাৰ মাজতে বুধবাৰে কানাডাৰ ওপৰত হেঁচা বৃদ্ধি কৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই। আনকি ভাৰতত কানাডাৰ নাগৰিকৰ ভিছা বন্ধ কৰা হৈছে ৷ কানাডাৰ প্ৰধানমন্ত্ৰী গৰাকীৰ মতে তেওঁলোকৰ নাগৰিকক সুৰক্ষা দিয়াটো প্ৰথম দায়িত্ব ৷
এন আই এয়ে বুধবাৰে এক্স হেণ্ডেল (পূৰ্বৰ টুইটাৰ)ত নতুন দিল্লীৰ ‘মষ্ট ৱাণ্টেড’ লৰেন্স বিষ্ণয়, জছদীপ সিং, কলা জাথেৰী ওৰফে সন্দীপ, বীৰেন্দ্ৰ প্ৰতাপ ওৰফে কালা ৰানা আৰু যোগীন্দৰ সিঙৰ ছবি প্ৰকাশ কৰে।