যোৰাবাট আৰক্ষী চকীৰ এটা দলে ১৪ মাইলত দুটা অভিযান চলোৱাৰ পিছত ৩ জন লোকক গ্ৰেপ্তাৰ কৰে ৷ ধৃত তিনি জালনোট ব্যৱসায়ী হৈছে বিহপুৰীয়াৰ আব্দুল কাদিৰ , সমীৰুদ্দিন আৰু সোনাপুৰৰ ৰবি আলম ৷ ১৪ মাইলৰ লতে মৰকটোলাতো নিশা অভিযান চলোৱা হয় ৷
এই অভিযান দুটাৰ পৰা ৩.৩৩ লাখ টকাৰ জালনোট জব্দ কৰা হৈছে। তদুপৰি ৫টা মোবাইল ফোন, ১ ৰিম কাগজৰ লগতে জ্বলাই দিয়া জালনোট জব্দ কৰা হৈছে ৷ আৰক্ষীৰ উপস্থিতিৰ উমান পায়েই জালনোট আৰু জালনোট প্ৰস্তুত কৰা মেচিন জ্বলাই দিবলৈ চেষ্টা কৰে ৷