ভাৰত-বাংলাদেশ সীমান্তৰ মানকাচাৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ৷ মানকাচাৰৰ কানাইমৰাত সংঘটিত হৈছে এই ঘটনা ৷ বিএছএফৰ গুলীত নিহত হৈছে এজন গৰুৰ চোৰাং সৰবৰাহকাৰী ৷ নিহত গৰু সৰবৰাহকাৰীজন হৈছে মিন্টু শ্বেখ ৷ নিশা বিএছএফৰ চকুত ধূলি মাৰি বাংলাদেশলৈ গোপনে গৰু সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল মিণ্টুৱে ৷ কিন্তু ইয়াৰ তথ্য লাভ কৰে বিএছএফে ৷ লগে লগে বিএছএফৰ এটা দল সেই স্থানত উপস্থিত হয় ৷ বিএছএফৰ উপস্থিতিৰ উমান পাই পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়ত কৰা গুলীচালনাত মিণ্টু নিহত হয় ৷
ইতিমধ্যে মিণ্টুৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰা হৈছে ৷ লক্ষণীয় যে ভাৰত-বাংলাদেশ সীমান্তৰে সঘনাই গৰুৰ চোৰাং সৰবৰাহ কৰি আহিছে একাংশ দুষ্ট চক্ৰই ৷ কম দামত ক্ৰয় কৰা গৰু অধিক দামত চোৰাংকৈ বাংলাদেশলৈ সৰবৰাহ কৰি এই লোকসকলে মুনাফা অর্জন কৰি আহিছে ৷