বিগত কেইবাদিনো ধৰি হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে উত্তৰ-গুৱাহাটীৰ বিস্তীর্ণ অঞ্চল ৷ উত্তৰ গুৱাহাটীৰ কেইবাখনো গাঁওৰ লগতে কেইবাটাও পথ জলমগ্ন হৈ পৰিছে ৷ ইয়াৰ মাজতে উত্তৰ গুৱাহাটীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ কৃত্ৰিম বানৰ বাবে দ’ গাঁতত পৰি এগৰাকী মহিলাৰ মৃত্যু ঘটে ৷ মৃত মহিলা গৰাকী ৰুক্মিণী বড়ো বুলি জানিব পৰা গৈছে ৷ বানৰ বাবে পথ বুলি দ’ গাঁতত ভৰি দিয়ে মহিলা গৰাকীয়ে ৷ যাৰ ফলত তেওঁৰ মৃত্যু ঘটে ৷ ৰুক্মিণী বড়ো কটাহবজাৰৰ বাসিন্দা ৷
উল্লেখ্য যে বৰষুণ হ’লেই উত্তৰ গুৱাহাটীৰ মধুপুৰ, ৰূদ্ৰেশ্বৰ, ৰহধলা, কটাহবজাৰ আদি অঞ্চল পানীত বুৰ যায়। পথসমূহ ডুব যোৱাৰ ফলত সঘন দুৰ্ঘটনাও সংঘটিত হয় ৷ দীর্ঘদিন ধৰি স্থানীয় লোকসকলে কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে দাবী উত্থাপন কৰি আহিছে ৷