অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যে, জুলাইৰ ভিতৰত ৰাজ্যখনৰ প্ৰায় ৬০ ৰ পৰা ৭০ শতাংশ উপযুক্ত লোকক ভেকচিন প্ৰদান কৰা হ’ব। অসমৰ ৩.৫০ কোটি জনসংখ্যাৰ ২.২৫ কোটিক ভেকচিন প্ৰদানৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা হৈছিল।
আনহাতে জুলাই মাহলৈকে ৰাজ্যখনৰ মুঠ যোগ্য জনসংখ্যাৰ মাত্ৰ ৬.৩০ শতাংশইহে ভেকচিনৰ দুয়োটা পালি গ্ৰহণ কৰিছে।
এই প্ৰেক্ষাপটত ২৭ আগষ্টত ভাৰতে ১.০৩ কোটি জনতাক ভেকচিন প্ৰদান কৰি সকাহ দিবলৈ সক্ষম হৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত দেশৰ কোটি কোটি জনতাক ভেকচিন প্ৰদানৰ লক্ষ্য বান্ধি লোৱা ৰাষ্ট্ৰখনে মঙ্গলবাৰে নিশা ১০ বজালৈকে ১.২৮ কোটি ভেকচিন দিবলৈ সক্ষম হয়।
ক’ভিড পৰিস্থিতিৰ যাতে আৰু অৱনতি নঘটে তাৰ বাবে ৰাজ্য চৰকাৰসমূহক শীঘ্ৰে ভেকচিন প্ৰদান কৰিবলৈ কেন্দ্ৰই জোৰ দি আহিছে। বিশেষকৈ দ্বিতীয় পালিলৈকে ভেকচিন প্ৰদানত কেন্দ্ৰই অধিক জোৰ দিছে।
প্ৰকাশিত খবৰ মতে চৰকাৰে ছেপ্টেম্বৰত প্ৰায় ২০ৰ পৰা ২২ কোটি ক’ভিড ভেকচিন আৰু অক্টোবৰত ২৫ৰ পৰা ৩০ কোটি ভেকচিনৰ ড’জ প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আগন্তুক ডিচেম্বৰৰ ভিতৰত দেশত প্ৰায় ১৮৫ কোটি ক’ভিড ভেকচিন প্ৰদান কৰা হ’ব বুলি অনুমান কৰা হৈছে৷
তথ্য অনুসৰি মঙ্গলবাৰলৈকে দেশত ৬৪.৩৬ কোটিতকৈও অধিক ভেকচিনৰ ড’জ যোগান ধৰা হৈছে। আনহাতে দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় ৩৯ শতাংশই প্ৰথমপালি ভেকচিন গ্ৰহণ কৰাৰ বিপৰীতে ২৩ শতাংশ লোকে দুয়োপালি ক’ভিড ভেকচিন গ্ৰহণ কৰিছে।