ৰাজ্যৰ মাজেৰে বিপন্ন বণ্যপ্ৰাণীৰ সৰবৰাহ অব্যাহত আছে ৷ বিভিন্ন সময়ত বিভিন্ন দুষ্পাপ্য জীৱ-জন্তু আৰক্ষীৰ অভিযানত জব্দ কৰা হয় ৷ পিছে এইবাৰ দুষ্পাপ্য বন্যপ্ৰাণী নহয় বিৰল প্ৰজাতিৰ মাছ সৰবৰাহৰ সময়ত জব্দ কৰা হৈছে ৷ মহানগৰীৰ গাড়ীগাঁও বিদ্যানগৰত বন বিভাগে জব্দ কৰৈছে বিৰল প্ৰজাতিৰ মাছ। লগতে দুই সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
গাড়ীগাঁও অঞ্চলত ভাৰতীয়া হিচাপে থাকি বিৰল ছেং মাছৰ বেহা চলাই আহিছিল ধৃত দুই লোকে। আজি গোপন সূত্ৰৰ ভিত্তিত অতৰ্কিতে বন বিভাগে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুয়োকে। ধৃত লোক দুজন হৈছে দৰং জিলাৰ হাবিবুল্লা হক আৰু ছহিদুল ইছলাম ৷ তেওঁলোকৰ পৰা বন বিভাগে উদ্ধাৰ কৰে অৰ্ধশতাধিক পিপলি চেং মাছ।
প্ৰাপ্ত তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত এটা চেং মাছৰ মূল্য হৈছে প্ৰায় ২৫ৰ পৰা ৫০ হাজাৰ টকা। অলংকাৰিক মাছ হিচাপে ইয়াৰ যথেষ্ট জনপ্ৰিয়তা আছে ৷ বন বিভাগৰ তদন্ত অব্যাহত আছে।