নাম পৰিৱেশন কৰিবলৈ গৈ দুর্ব্যৱহাৰৰ সন্মুখীন হ’বলগীয়া হ’ল উদীয়মান নাগাৰা নাম শিল্পী কৰিশ্মা নাথ ৷ দক্ষিণ কামৰূপৰ বিজয় নগৰত নাগাৰা নাম পৰিৱেশন কৰিবলৈ যোৱাৰ সময়তে তেওঁক দুর্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ৷ নাম পৰিৱেশন কৰিবলৈ মাতি ধন আদায় নিদিয়াৰ উপৰি দুব্যৱহাৰ কৰাৰ তেওঁ অভিযোগ কৰে ৷ যাৰ বাবে আৰক্ষীৰ কাষ চাপিব লগীয়া হ’ল কৰিশ্মা নাথ ৷
উল্লেখ্য যে দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰ শনি মন্দিৰ প্ৰাংগণত নাম পৰিৱেশন কৰিবলৈ তেওঁক আমন্ত্ৰণ জনোৱা হৈছিল ৷ কিন্তু চুক্তি অনুসৰি মাননি নিদিয়াত কৰিশ্মা আৰু তেওঁৰ সংগীসকলে বিজয়নগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি কৰিশ্মা নাথে নাম পৰিৱেশন কৰাৰ পিছত ৰামপুৰ শনি মন্দিৰ পৰিচালনা সমিতিয়ে কৰিশ্মা নাথক সম্পূর্ণ মাননি আদায় দিয়া নাছিল। কৰিশ্মা নাথে সন্ধিয়া সাত বজাৰ পৰা নাম পৰিৱেশন কৰাৰ কথা আছিল যদিও এঘণ্টা দেৰিকৈ আহি নাম পৰিৱেশন কৰিছিল। ইয়াতেই ক্ষুন্ন হৈ পৰিছিল পৰিচালনা সমিতি।
নিশা প্ৰায় ১২ বজাত নাম পৰিবেশন শেষ হোৱাৰ পিছত চুক্তিৰ ধন আদায় নিদি কৰিশ্মা নাথ আৰু তেওঁৰ সহযোগীক পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে দুর্ব্যৱহাৰ কৰে ৷ পিছত কৰিশ্মা নাথসহ নামৰ দলটোৱে নিশাই বিজয়নগৰ আৰক্ষী চকীত সম্পাদক খৰ্গেশ্বৰ কলিতাৰ বিৰুদ্ধে এজাহাৰ দখিল কৰে। কৰিশ্মা নাথৰ এজাহাৰৰ ভিত্তিত বিজয়নগৰ আৰক্ষীয়ে অনুষ্ঠানৰ সমিটিৰ বিষয়ববীয়াক আৰক্ষী চকীলৈ পুৱতি নিশা লৈ আহে। পিছত ধন আদায় দি পৰিচালনা কমিটীয়ে ক্ষমা খোজে।