গুৱাহাটী, ২৪ ছেপ্টেম্বৰ, “এচকৰ্ট বেংকৰ দৰে অসমৰ জনসাধাৰণৰ ধনেৰে গঢি. উঠা ৰাজহুৱা প্ৰতিষ্ঠানক ধ্বংস কৰাৰ ক্ষেত্ৰত বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ পৰিয়ালৰ লোক প্ৰত্যক্ষভাৱে জডি.ত আছিল৷ কোটি টকীয়া এল. অ. চি কেলেংকাৰী সংঘটিত কৰাৰ ক্ষেত্ৰত বিৰোধী দলপতি গৰাকীৰ ভূমিকাৰ কথা সবৰ্জনবিদিত৷ দুনীৰ্তি, অনিয়ম, ৰাজহুৱা সম্পত্তি আত্মসাতৰ দৰে পৰম্পৰাৰ অধিকাৰী দেবব্ৰত শইকীয়াৰ দৰে ব্যক্তিয়ে কেৱল সমালোচনা কৰাৰ স্বাৰ্থতে বিজেপি দল আৰু দলৰ একাংশ নিবৰ্াচিত লোকৰ বিৰুদ্ধে মনে সজা কাহিনী সংবাদ মাধ্যমত প্ৰকাশ কৰা আমি দেখিবলৈ পাইছো৷ মনেসজা কাহিনীৰে অপ- প্ৰচাৰ চলোৱাৰ বিপৰীতে তথ্য – প্ৰমান সহ আদালতৰ কাষ চাপিবলৈ আমি প্ৰত্যাহবান জনাও৷ তেওঁ আমাৰ এই প্ৰত্যাহবান নি(য় গ্ৰহন কৰিব’ – এই মন্তব্য বিজেপিৰ ৰাজি্যক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শমাৰ্ৰ৷ আজি সংবাদ মাধ্যমৰ আগত এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্ৰী শমাৰ্ই লগতে সকীয়াই দি কয় যে দেবব্ৰত শইকীয়াৰ দৰে নেতা কুৎসা ৰচনা আৰু অপ – প্ৰচাৰৰ পৰা আতৰি থকা উচিত অন্যথা তেওঁৰ অবশিষ্ট ভেটিও নোহোৱা হৈ পৰিব৷ বৰ্তমান সময়ত কংগ্ৰেছৰ ওচৰত কোনো ৰাজনৈতিক ইচু্য নাই৷ সেয়ে অপ – প্ৰচাৰ, পৰচচাৰ্কে তেওঁলোকে ৰাজনৈতিক সমল হিচাবে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে বুলি বিজেপি মুখপাত্ৰজনে মন্তব্য কৰে৷ চাহ বাগানত চলোৱা যাত্ৰা ‘চুপাৰ ফ্লপ’ হোৱাৰ পিছত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব চৰম হতাশাত ভোগা বুলি শ্ৰী শমাৰ্ই কটাক্ষ কৰে৷
আনহাতে অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰক বাংলাদেশী মূলৰ মুচলমান ভোট আকৰ্ষণ কৰাৰ অভিযান বুলি বিজেপি মুখপাত্ৰজনে বৰ্ণনা কৰে৷ শ্ৰী শমাৰ্ৰ মতে নিজকে গৌৰৱ গগৈতকৈ বেছি জনপ্ৰিয় হিচাবে প্ৰতিষ্ঠা কৰাৰ বাবেই জাতিয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়ে এই যাত্ৰা কৰিছে৷ জাতীয় পৰিষদৰ এক অসম যাত্ৰাই অসমৰ খিলঞ্জীয়া ভুমিপুত্ৰ সকলৰ মাটি, ভেটি, ভাষা, সংস্কৃতি, আস্থাকেন্দ্ৰ আদিৰ প্ৰতি ভাবুকি সৃষ্টি কৰা বাংলাদেশীয় মূলৰ লোককহে একত্ৰিত কৰা দেখা গৈছে বুলি ৰাজি্যক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শমাৰ্ই কয়৷