ৰিলায়েন্স জিঅ’ই তেখেতসকলৰ সেৱা মুকলি কৰাৰ পিছৰ পৰাই বিভিন্ন আকৰ্ষণীয় আঁচনিৰে গ্ৰাহকসকলক আকৃষ্ট কৰি আহিছে।
দেশৰ সৰ্ববৃহৎ টেলিকম প্ৰতিষ্ঠান ৰিলায়েন্স জিঅ’ই এইবাৰ গ্ৰাহকসকলৰ বাবে এক নতুন পৰিসৰৰ প্ৰি পেইড আঁচনি মুকলি কৰিছে। ৩১ আগষ্টত কৰা ঘোষণা অনুসৰি গ্ৰাহকসকলে এই আঁচনিৰ সৈতে ডিজনী প্লাছ হটষ্টাৰৰ বিনামূলীয়া সদস্য পদ লাভ কৰিব আৰু কোনো বাধা অবিহনে তেওঁলোকে ইয়াৰ পৰিসেৱাসমূহ উপভোগ কৰিব পাৰিব।
ৰিলায়েন্স জিঅ’ কোম্পানীয়ে প্ৰিপেইড ব্যৱহাৰকাৰী আৰু জিঅ’ ফোন গ্ৰাহকৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ লগতে জিঅ’ৰ পোষ্টপেইড ব্যৱহাৰকাৰীসকলক আকৰ্ষিত কৰিবলৈ হাই স্পীড ডাটা আৰু লগতে অ’টিটি প্লেটফৰ্ম সেৱা বিনামূলীয়াকৈ আগবঢ়াইছে ।
ৰিলায়েন্স জিঅ’ৰ ২৮ দিনীয়া ৪৯৯ টকাৰ প্ৰি পেইড প্লেনে দৈনিক ৩ জিবি ডাটা প্ৰদান কৰে আৰু এই আঁচনিৰ অধীনত গ্ৰাহকে বিনামূলীয়া ফোন আৰু মেচেজৰ সুবিধা লাভ কৰে। আনহাতে ৬৬৬ টকাৰ ৫৬ দিনৰ আঁচনিত প্ৰতিদিনে ২ জিবি ডাটা বিনামূলীয়াকৈ লাভ কৰিব।
একেদৰে গ্ৰাহকসকলে ৮৪ দিনৰ ৮৮৮ টকাৰ আঁচনিৰ অধীনত বিনামূলীয়া ফোন আৰু মেচেজৰ লগতে দৈনিক ২ জিবি ডাটা লাভ কৰিব। আনহাতে বছেৰেকীয়া আঁচনিৰ জৰিয়তে গ্ৰাহকে ২৫৯৯ টকাতে উক্ত সকলো সুবিধা লাভ কৰিব।
ডাটা এড-অন আঁচনিত যাৰ পৰা ৫৪৯ টকাৰ বিনিময়ত উপভোক্তাই ১.৫ জিবি ডাটা লাভ কৰিব আৰু এই সেৱা ৫৬ দিনৰ বাবে বৈধ হ’ব। অৱশ্যে ইয়াত বিনামূলীয়া মেচেজ আৰু ফোন অন্তৰ্ভুক্ত নহ’ব।
উল্লেখযোগ্য যে গ্ৰাহকসকলে ১ ছেপ্তেম্বৰৰ পৰা গ্ৰহণ কৰা জিঅ’ৰ আঁচনিৰ সৈতে ডিজনী প্লাছ হটষ্টাৰ উপভোগৰ সুবিধা লাভ কৰিব পাৰিব।