তামিলনাডুৰ ভেলোৰলৈ বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে যোৱা লোকসকলৰ বাবে আছে সুখবৰ ৷ ভিন্ন কাম আৰু চিকিৎসাৰ বাবে যোৱা লোকসকলে থাকিব পৰাকৈ ভেলোৰত আজি মুকলি কৰা হ’ল নতুন অসম ভৱন ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই এই অসম ভৱনটো মুকলি কৰে ৷ মন্ত্ৰী ৰঞ্জিত দাস, অশোক সিংহলৰ উপস্থিতিত মুখ্যমন্ত্ৰী গৰাকীয়ে মুকলি কৰে ৷
মুকলিৰ পূৰ্বে আটকধুনীয়াকৈ সজাই তোলা হৈছে তামিলনাডুৰ ভেলোৰত ২৩ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত নতুন অসম ভৱন। ভৱনটোৰ ভিতৰত অসমৰ সংস্কৃতিক প্ৰতিফলিত কৰা ভিন্ন প্ৰতিচ্ছবি আঁৰি দিয়া হৈছে ৷ ৮ মহলীয়া অসম ভৱন টোত AaCe৫০ টা কোঠা ।তদুপৰি ভিআইপিৰ বাবে থাকিব সংৰক্ষিত কোঠা ৷