বিশ্ব ঐতিহ্য়ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ দিশে আগবাঢ়িছে চৰাইদেউ মৈদাম ক্ষেত্ৰ ৷ অহা ৬ অক্টোবৰত চৰাইদেউলৈ আহিব ইউনেস্ক’ৰ দল ৷ দলটোৱে মৈদাম ক্ষেত্ৰ পৰিদর্শন কৰি ইয়াক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি দিব পৰা যাব নে নাযায় সেই সন্দর্ভত সিদ্ধান্ত গ্ৰহণ কৰিব ৷
ইফালে, চৰাইদেউ মৈদাম পৰিদর্শনৰ বাবে ইউনেস্ক’ৰ দলটো উপস্থিত হোৱাৰ পূর্বে দেখা গৈছে ব্যাপক প্ৰস্তুতি ৷ মৈদাম ক্ষেত্ৰ নতুন ৰূপত সজাই পৰাই তোলা হৈছে ৷ দিনে নিশাই পুৰাতত্ব বিভাগৰ লোকসকল মৈদাম ক্ষেত্ৰ সজাই পৰাই তোলাৰ লগতে মেৰামতিৰ কাম আৰম্ভ কৰিছে ৷ এইক্ষেত্ৰত কোনো ত্ৰুটি ৰাখিব বিচৰা নাই বিভাগে ৷ মৈদাম ক্ষেত্ৰ চাফ চিকুন কৰিবলৈ নিয়োগ কৰা হৈছে শতাধিক শ্ৰমিক ৷
মৈদাম ক্ষেত্ৰৰ বাফাৰ জ’নত থকা ঐতিতিহাসিক সম্বলসমূহ পৰিদর্শনৰ বাবে নতুনকৈ ৰাস্তা নির্মাণ কৰা হৈছে ৷ যাতে কোনো অসুবিধা নোহোৱাকৈ দলটোৱে মৈদাম ক্ষেত্ৰৰ চাৰিওফালে পৰিদর্শন কৰিব পাৰে ৷ কেইবাগৰাকী কেবিনেট মন্ত্ৰী উপস্থিত হৈ মৈদাম মেৰামতিৰ কাম নিৰীক্ষণ কৰিছে ৷