উত্তৰ-পূব ভাৰতৰ এখন মনোৰম পাহাৰীয়া ঠাই শ্বিলং।প্ৰাকৃতিক দৃশ্যৰে মনোমোহা শ্বিলঙক Scotland of the East বুলিও জনা যায়। এই ঠাইৰ ঠাণ্ডা বতৰৰ লগতে ভ্ৰমণৰ উপযোগী বিভিন্ন ঠাই , পাহাৰ , ঝৰ্ণা মঠ আৰু কিছুমান সৰু সৰু ৰেষ্টোৰাঁ অতি মনোমোহা আৰু পৰ্যটকৰ উপযোগী।
শ্বিলংৰ সংস্কৃতি আৰু সংগীত আন ঠাইৰ তুলনাত পৃথক আৰু এই ঠাইৰ কেফেসমূহত সংগীতৰ লগত জড়িত আকৰ্ষণীয় দিশ দেখিবলৈ পোৱা যায়।
শ্বিলংৰ তেনে কিছুমান কেফে হ’ল-
- ডাইলেনছ কেফে (dylan’s cafe shillong) – শ্বিলঙৰ এখন জনপ্ৰিয় কেফে হৈছে ডাইলেনছ কেফে । প্ৰসিদ্ধ গায়ক ব’ব ডাইলেনৰ স্মৃতিত এই কেফেখনৰ নাম দিয়া হৈছে ডাইলেনছ নামেৰে।উল্লেখ্য যে প্ৰত্যেক সন্ধিয়া এই কেফেখনে কিছু লাইভ প্ৰদৰ্শনী অনুষ্ঠিত কৰে আৰু নতুন গায়কসকলক তাত গান গাবলৈ উৎসাহিত কৰে। গানৰ দৰেই এই কেফেখনৰ “chicken wings and mud pie” খাবলৈ অতি সোৱাদযুক্ত।
- চুইছ কেফে ( Swish cafe- Shillong) – কফিৰ ক্ষেত্ৰত জনসাধাৰণক প্ৰথমবাৰ চিনাকী কৰাই দিয়াত মেঘালয়ৰ প্ৰথমখন কেফে হৈছে চুইছ কেফে। আনহাতে এই কেফেত ভিৰ কৰেহি স্থানীয় সংগীতজ্ঞ , গায়ক আৰু লোকপ্ৰিয় সংগীতজ্ঞ সকলে। এই কেফেখনৰ “ mac-n-cheese”, “coffee“ আৰু “pork fried rice” ইয়ালৈ অহা গ্ৰাহকৰ মাজত অতি জনপ্ৰিয়।
- লিটল শ্বেফ কেফে (Little Chef Cafe)- এই কেফেখনত গ্ৰাহকে ভিৰ কৰেহি “brownies”, “fudges cakes” আৰু সংগীতৰ বাবে। উল্লেখ্য যে এই কেফেখন স্থাপিত হয় ২০০৬ চনত। ভাল সংগীতৰ লগতে এই কেফেখনত থলুৱা শাক – পাচলি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা সুস্বাদু খাদ্য অতি উল্লেখনীয়।
- কেফে শ্বিলং হেৰিটেজ (Cafe Shillong Heritage)- শ্বিলঙৰ এই কেফেখন ইয়াত পোৱা ম’ম’ আৰু ইয়াৰ চাৰিওকাষৰ প্ৰকৃতিক দৃশ্যৰ বাবে বিখ্যাত। শ্ৰুতিমধুৰ সংগীত , আৰামদায়ক পৰিবেশ , মন্ত্ৰমুগ্ধ কৰিব পৰা দৃশ্য আৰু সুস্বাদু খাদ্য এই কেফেখনৰ প্ৰধান বৈশিষ্ট্য । উল্লেখ্য যে এই কেফেখনৰ “hazelnut coffee” ইয়াৰ ম’ম’ ৰ সমানেই সুস্বাদু আৰু গ্ৰাহকৰ মাজত জনপ্ৰিয়।
- কেফে শ্বিলং (Cafe Shillong)- কেফে শ্বিলং আন এখন জনপ্ৰিয় কেফে। আৰামদায়ক পৰিবেশ আৰু মধুৰ সংগীতৰ বাবেই ইয়ালৈ দৈনিক বহুত গ্ৰাহকৰ আগমন হয়। এই কেফেত পোৱা “roasted pork ribs” আৰু “Irish coffee” সেই ঠাইৰ লোকৰ মাজত বহুত জনপ্ৰিয়।