সাহিত্যৰ মাধ্যমেৰে ভাৰত তথা অসমৰ পুৰাতন ঐতিহ্য – পৰম্পৰা -সংস্কৃতিৰ সৈতে নতুন প্ৰজন্মক একাত্ম কৰাৰ অভিলাষী উদ্দেশ্য লৈ অহা ২৯ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৩”। দেশৰ আগশাৰীৰ কেবাগৰাকীও স্বনামধন্য সাহিত্যিক তথা বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব লগীয়া এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহিত্য উৎসৱখন আয়োজন কৰা হৈছে গুৱাহাটীৰ জিলা পুথিভঁৰাল আৰু অসম সাহিত্য সভা ভৱন প্ৰেক্ষাগৃহত। শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই সাহিত্য উৎসৱৰ ২৯ ছেপ্টেম্বৰৰ পুৱা ১১ বজাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব নেশ্যনেল বুক ট্ৰাষ্টৰ অধ্যক্ষ শ্ৰী মিলিন্দ সুধাকৰ মাৰাথে তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতানামা সাংবাদিক শ্ৰীমতী ৰুবিকা লিয়াকটসহ কেবাগৰাকীও গণ্যমান্য ব্যক্তি। এক প্ৰেছ বিবৃতিযোগে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ আয়োজক সমিতিৰ সভাপতি শ্ৰী ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী আৰু কাৰ্যকৰী সভাপতি শ্ৰী সৌম্যদ্বীপ দত্তই এই কথা সদৰি কৰিছে।
বিশিষ্ট শিক্ষাবিদ শ্ৰী মিলিন্দ সুধাকৰ মাৰাথেয়ে মুখ্য অতিথি আৰু সাংবাদিক শ্ৰীমতী ৰুবিকা লিয়াকটে মূল বক্তা হিচাপে উপস্থিত থাকিব লগীয়া উদ্বোধনী অনুষ্ঠানত পদ্মশ্ৰী সন্মানেৰে বিভূষিত ৰাজ্যৰ এজন বিশিষ্ট শিক্ষাবিদ শ্ৰী লীল বাহাদুৰ ছেত্ৰীয়েও সন্মানীয় অতিথি হিচাপে অংশ ল’ব। সভাপতি দেৱচৌধুৰী আৰু কাৰ্যকৰী সভাপতি দত্তই লগতে বিবৃতিটোত জনায় যে, সাহিত্যৰ জৰিয়তে ভাৰত তথা অসমৰ ঐতিহ্য-পৰম্পৰা-সংস্কৃতিৰ শিপাৰ অন্বেষণক মূল বিষয়বস্তু হিচাপে লৈ আয়োজন কৰা হৈছে প্ৰথম বৰ্ষৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ। তিনিদিনীয়া কাৰ্যসূচীৰ বিভিন্ন সত্ৰ আলোচনা, লেখকৰ মনৰ কথা, অন্তৰংগ আলাপ আদি অনুষ্ঠানত ৰাজ্যৰ লগতে দেশৰ আগশাৰীৰ কেবাগৰাকীও সাহিত্যিক, নিৱন্ধকাৰ তথা স্তম্ভ লেখকে অংশ ল’ব। জনপ্ৰিয় সাহিত্যিক দেৱচৌধুৰী আৰু বিশিষ্ট প্ৰকৃতি সংৰক্ষক দত্তই বিবৃতিটোত জনোৱা মতে, অথৰ ্চ স্পীক বা লেখকৰ বক্তব্য শীৰ্ষক ৩০ ছেপ্টেম্বৰৰ এক মনোগ্ৰাহী অনুষ্ঠানত অংশ ল’ব জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ শিক্ষাবিদ ড° অংশু যোশীয়ে। বিশিষ্ট উড়ীয়া লেখক সুভাষ চন্দ্ৰ চতপথী, আগশাৰীৰ কোংকনী লেখক-নিৱন্ধকাৰ ড° ভূষন ভাবেয়ে ২৯ ছেপ্টেম্বৰৰ “সাহিত্যৰ মাধ্যমেৰে পৰম্পৰাৰ অন্বেষণ” শীৰ্ষক এক সত্ৰ আলোচনাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব। সাংবাদিক নৱ ঠাকুৰীয়াই সঞ্চালন কৰিব লগীয়া এই সত্ৰ আলোচনাত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ড° অংশু যোশীৰ লগতে ৰাজ্যৰ এজন বিশিষ্ট গৱেষক ড° ৰবীন শৰ্মাইও অংশগ্ৰহণ কৰিব।
সাহিত্য উৎসৱখনৰ মূল বিষয়বস্তুৰ ভাৱধাৰাৰে সামঞ্জস্য ৰাখি শিক্ষাবিদ ড° যোগেশ কাকতিৰ সঞ্চালনাত আয়োজন কৰা “সৱলীকৰণৰ বাক্ ধাৰাঃ শিপাৰ সন্ধানত ইতিহাসৰ অধ্যয়ণ” শীৰ্ষক প্ৰথম দিনৰ প্ৰথমখন সত্ৰ আলোচনাত ড° নমিতা দেৱী, ড° মাধুৰ্যমণ্ডিত বৰুৱা, ড° অংকিতা দত্ত, আৰু ৰূপম বৰুৱাৰ দৰে গৱেষক-লেখকৰ সৈতে শ্বিলঙৰ উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ গৱেষক অধ্যাপক জ্যোতিৰ্ময় প্ৰধানীয়েও ভাগ ল’ব বুলি বিবৃতিটোত জানিবলৈ দিয়া হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মৰাজিৰ বিশিষ্ট গৱেষক তথা “গীতাচাৰ্য” পুৰন্দৰ বৰুৱাৰ সঞ্চালনাত “ভাৰতৰ নৱ বৈষ্ণৱ ধৰ্ম আৰু শংকৰদেৱ” শীৰ্ষক ১ অক্টোবৰত এক গুৰুত্বপূৰ্ণ সত্ৰ আলোচনা হ’ব, য’ত বিশিষ্ট বৈষ্ণৱ পণ্ডিত, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়াই সমল ব্যক্তি হিচাপে অংশ লোৱাটো নিশ্চিত কৰা হৈছে। এই সত্ৰ আলোচনাত অসম সত্ৰ মহাসভাৰ পৰা “সত্ৰবন্ধু” সন্মানেৰে বিভূষিত, অধ্যাপক অমলেন্দু চক্ৰৱৰ্তীয়েও ভাগ ল’ব। তিনিদিনীয়া কাৰ্যসূচীৰ ভিতৰত সমসাময়িক প্ৰকৃতি সাহিত্য সন্দৰ্ভত সৌম্যদ্বীপ দত্তৰ সঞ্চালনাত ৰাজ্যৰ এগৰাকী অতি জনপ্ৰিয় সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, শিক্ষাবিদ ড° ভাৰতী দত্ত, সাংবাদিকদ্বয় নৱ ঠাকুৰীয়া আৰু পংকজ কুমাৰ দত্তৰ লগতে পশ্চিম বংগৰ “এখন দুৱাৰ্চ”ৰ সম্পাদক প্ৰদোছ ৰঞ্জন সাহাৰ এক মননশীল আলোচনা অনুষ্ঠিত হ’ব। সাহিত্য অকাডেমি বঁটা বিজয়ী সু-সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ সৈতে এক অন্তৰংগ আলাপৰ অনুষ্ঠানো থাকিব, যাৰ আঁত ধৰিব শিক্ষাবিদ, লেখিকা ড° নিজৰা হাজৰিকাই। এই সাহিত্য উৎসৱৰে দ্বিতীয় দিনা চিনেমাৰ লেন্সেৰে অসমখনক বিচাৰি চাব জনপ্ৰিয় অভিনেত্ৰী মলয়া গোস্বামী, খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা মঞ্জু বৰা, চলচ্চিত্ৰ বিষয়ক লেখক অংকন ৰাজকুমাৰ, আৰু চিত্ৰ নিৰ্মাতা কংকন ডেকাই, চলচ্চিত্ৰ সমালোচক বিতোপন বৰবৰাৰ সঞ্চালনাত আয়োজিত এক আলোচনাত। বিশিষ্ট অনুবাদক বিপুল দেউৰীৰ সঞ্চালনাত ইন্দ্ৰানী লস্কৰ, জ্ঞান বাহাদুৰ ছেত্ৰী, মিত্ৰা ফুকন, ড° নীলমোহন ৰায় আদিৰ দৰে আগশাৰীৰ লেখকবৃন্দই আঞ্চলিক ভাৰতীয় ভাষাত অনুবাদ সাহিত্যৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ সন্দৰ্ভত মন্থন কৰিব। আনহাতে, সমকালীন অসমীয়া সাহিত্যত ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰতিফলন সন্দৰ্ভত অধ্যাপক ড° বিভাষ চৌধুৰীৰ সঞ্চালনাত অনুষ্ঠিত হ’ব আন এক গুৰুত্বপূৰ্ণ সত্ৰ আলোচনা য’ত অংশ ল’ব মনিকা দেৱী, ড° ভাস্কৰ জ্যোতি শৰ্মা আদিৰ দৰে তৰুণ প্ৰজন্মৰ উদীয়মান লেখক-সাহিত্যিকে। সু-লেখক ধীৰেন শৰ্মাও এই আলোচনাৰ অন্যতম সমল ব্যক্তি। প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আৰু এক অতি আকৰ্ষণীয় অনুষ্ঠান হ’বলৈ গৈ আছে বহুভাষিক কবি সন্মিলনখন। যুব লেখিকা, কবি অপৰাজিতা পূজাৰীৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া এক অক্টোবৰৰ এই কবি সন্মিলনীত সৌৰভ শইকীয়া, ড° ইন্দুপ্ৰভা দেৱী, হাং মিজি হান্সে, গংগামোহন মিলি, ড° সঞ্জয় দাস, জয়জিৎ ডেকা, ধীমান বৰ্মন, মডাৰজ্যোতিৰ দৰে বিভিন্ন ভাষিক গোষ্ঠীৰ কেবাগৰাকীও জনপ্ৰিয় কবিয়ে অংশ ল’ব বুলি বিবৃতিটোত কোৱা হৈছে। তদুপৰি, নতুন প্ৰজন্মক সাহিত্য চৰ্চাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে সাহিত্যিক অতনু ভট্টাচাৰ্যৰ পৰিচালনাত সৃষ্টিশীল লিখনিৰ কৰ্মশালাৰ লগতে কুইজ মাষ্টাৰ দীপাংকৰ কৌশিকৰ পৰিচালনাত ভাৰতৰ ইতিহাস আৰু সংস্কৃতি বিষয়ক “প্ৰাইজমানী কুইজ” প্ৰতিযোগিতাও থাকিব। আনহাতে, নতুনকৈ প্ৰকাশিত গ্ৰন্থৰ উন্মোচনৰ বাবেও সাহিত্য উৎসৱ থলীত সূযোগ দিয়া হ’ব। উল্লেখযোগ্য যে, বিভিন্ন সত্ৰ আলোচনা, কৰ্মশালা আদিত দৰ্শক অংশগ্ৰহণকাৰী হিচাপে উপস্থিত থকা ছাত্ৰ-ছাত্ৰী সকলক প্ৰমান পত্ৰও প্ৰদান কৰা হ’ব।
প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা ঘোষণা
প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৩ আয়োজক সমিতিৰ সভাপতি শ্ৰী ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী আৰু কাৰ্যকৰী সভাপতি শ্ৰী সৌম্যদ্বীপ দত্তই প্ৰেছ বিবৃতিটোত সদৰি কৰা মতে, এই বছৰৰ পৰা আৰম্ভ হোৱা প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱত প্ৰতি বছৰে “প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা” প্ৰদান কৰা হ’ব। এই বঁটা “প্ৰতিষ্ঠিত সাহিত্যিক” আৰু “উদীয়মান সাহিত্যিক”- এই দুটা শিতানত প্ৰদান কৰা হ’ব। প্ৰথম বৰ্ষৰ বাবে বঁটা প্ৰাপকৰ নামো ঘোষণা কৰা হৈছে। এই অনুসৰি ২০২৩ বৰ্ষৰ বাবে অগ্ৰজ সাহিত্যিকৰ “প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা” লাভ কৰিছে বিশিষ্ট সাহিত্যিক নাহেন্দ্ৰ পাডুঙে। এই বঁটাত থাকিব, মানপত্ৰৰ লগতে নগদ ৩১ হাজাৰ টকা। ইফালে, যুৱ সাহিত্যিকৰ শিতানত ২০২৩ বৰ্ষৰ বাবে “প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা” লাভ কৰিছে উদীয়মান লেখক নয়নজ্যোতি শৰ্মাই। এই বঁটাত থাকিব, মানপত্ৰৰ লগতে নগদ ২১ হাজাৰ টকা। প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৩ ৰ ১ অক্টোবৰৰ সামৰণি অনুষ্ঠানত বঁটা সমূহ প্ৰদান কৰা হ’ব।।
সাহিত্য উৎসৱৰ ১ অক্টোবৰৰ সামৰণি অনুষ্ঠানত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° সমুদ্ৰ গুপ্ত কাশ্যপ, আৰু বিশিষ্ট নিৱন্ধকাৰ শ্ৰী দিগন্ত বিশ্ব শৰ্মাই অংশ ল’ব। শলাগৰ শৰাই আগবঢ়াব শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ সচিব তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা ড° সুদেষ্ণা ভট্টাচাৰ্যই।
সাহিত্য উৎসৱৰ প্ৰতিটো কাৰ্যসূচীত সাহিত্যানুৰাগী ৰাইজৰ অংশগ্ৰহণ হ’ব বিনামূলীয়া। প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ সাফল্যমণ্ডিত কৰি তুলিবলৈ সভাপতি দেৱচৌধুৰী আৰু কাৰ্যকৰী সভাপতি দত্তই সমূহ অসমবাসীক আহ্বান জনাইছে।