উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ দুই সহযোগীক তলব চি এম ভিজিলেন্সৰ ৷ অবৈধভাৱে বাগিচা ক্ৰয় কৰাৰ অভিযোগত তদন্ত আৰম্ভ কৰিছে চিএম ভিজিলেন্সে ৷ এই সন্দর্ভত অভিযোগ লাভ কৰাৰ পাছতে তদন্তকাৰী সংস্থাটোৱে অনুসন্ধান আৰম্ভ কৰিছে ৷ বিধায়কজনৰ কার্যালয়ত চি এম ভিজিলেন্সৰ দহজনীয়া দলে তালাচী চলায় গুৰুত্বপূর্ণ নথি-পত্ৰ জব্দ কৰে ৷ কৰিমগঞ্জত বিধায়কজনৰ আছে তিনিখন চাহ বাগিচা ৷
ইফালে কমলাক্ষ দে’ পুৰকায়স্থই সংবাদমাধ্যমৰ আগত কয় –“ এয়া বিৰোধীৰ মুখ বন্ধ কৰাৰ চেষ্টা ৷ চিএম ভিজিলেন্স লগালেও বিৰোধীৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে ৷ আমাৰ ওপৰত হেচা দিয়া হৈছে ৷ তিনি কোটিৰে এখন বাগিচা ক্ৰয় কৰিছিলো ৷ অকলে নোৱাৰা বাবে তিনিজনে মিলি ক্ৰয় কৰিছিলো ৷ ভবা নাছিলো এনে দিন আহিব বুলি ৷ বিধানসভাত যাতে আমি কথা নকওঁ তাৰ বাবে আমাৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছে ৷ কিন্তু আমাক বাধা দি ৰাখিব নোৱাৰে ৷ “