গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হৈছে এটা বৃহৎ প্ৰৱঞ্চকৰ দল ৷ বেলতলাৰ গ্ৰীণউড হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ১৮ জন প্ৰৱঞ্চকক ৷ ৷ টুৰিজিম পেকেজ তথা বিভিন্ন আকর্ষনীয় উপহাৰৰ লোভ দেখুৱাই দলটোৱ এই দলটোৱে প্ৰৱঞ্চনা কৰি আহিছিল ৷ এজন চিকিৎসকৰ অভিযোগৰ ভিত্তিত এই দলটোক গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে ৷
প্ৰাপ্ত তথ্য অনুসৰি প্ৰৱঞ্চকৰ দলটোৰ অধিকাংশই দিল্লীৰ বাসিন্দা ৷ দলটোত আছে এগৰাকী যুৱতীও ৷ দিল্লীৰ উপৰি দলটোত আছে উত্তৰপ্ৰদেশৰ কেইবাজনো লোক ৷ বিভিন্ন পেকেজ অফাৰ হিচাপে এই প্ৰৱঞ্চকৰ দলটোৱে প্ৰথমে ফোন কৰে ৷ তাৰ পাছত হোটেললৈ মাতি বিভিন্ন ধৰণৰ টোপ দিয়ে ৷ তেওঁলোকে এই অফাৰসমূহৰ বিনিময়ত গ্ৰাহকৰ মোবাইললৈ এটা অটিপি প্ৰেৰণ কৰে ৷ এই অ’টিপি খুজি তেওঁলোকে লোকজনৰ বেংক একাউণ্টৰ পৰা ধন লুট কৰে ৷
এনদৰে চিকিৎসকজনকো অ’ফাৰ দিয়া হৈছিল আৰু তেওঁ অ’টিপি দিবলৈ অমান্তি প্ৰকাশ কৰে ৷ পৰৱর্তী সময়ত চিকিৎসকজনে আৰক্ষীক খবৰ দিয়ে আৰু ইয়াৰ ভিত্তিত অভিযান চলায় প্ৰৱঞ্চকৰ দলটোক গ্ৰেপ্তাৰ কৰে ৷