কামৰ বিনিময়ত উৎকোচ বিচৰা কর্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে অভিযান ৷ পুনৰ আৰক্ষীৰ জালত পৰিছে আন এজন চৰকাৰী কর্মচাৰী ৷ এইবাৰ আৰক্ষীৰ জালত পৰিছে আন এজন চৰকাৰী কর্মচাৰী ৷ উৎকোচ লৈ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰিছে নাৰায়ণপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল দুলাল চন্দ্ৰ বণিয়া। মাটিৰ কাম কাজ কৰি দিয়াৰ বাবদ ধন দাবী কৰিছিল লাট মণ্ডলজনে ৷ কিন্তু এই ধন আদায় দিবলৈ অমান্তি প্ৰকাশ কৰি লোকজনে দুর্নীতি নিবাৰকৰ কাষ চাপে ৷ ইয়াৰ পাছতে গোচৰ ৰুজু কৰি লাট মণ্ডলজনক গ্ৰেপ্তাৰ কৰে দুর্নীতি নিবাৰকে ৷