২১ বছৰ সম্পন্ন কৰা কৌন বনেগা ক্ৰৌড়পতি টেলিভিছনৰ অতি জনপ্ৰিয় অনুষ্ঠান। ২০০০ চনত আৰম্ভ হোৱা অনুষ্ঠানটোৰ জৰিয়তে চুপাৰ ষ্টাৰ অমিতাভ বচ্চনে সৰু পৰ্দাত প্ৰৱেশ কৰিছিল।
অতি কম সময়ৰ ভিতৰতে কৌন বনেগা কৌড়পতিয়ে বৃহৎ সফলতা লাভ কৰে। অমিতাভ বচ্চনৰ উজ্জল ব্যক্তিত্ব আৰু তাৰকা ভাৱমূৰ্তিৰ লগতে পৰিচালনাৰ দক্ষতাই অনুষ্ঠানটোক কোটি কোটি জনতাৰ হৃদয়ৰ কাষ চপাই নিয়ে।
২০০০ চনৰ পৰা ২০০৭ চনলৈকে ষ্টাৰ প্লাছত সম্প্ৰচাৰ হোৱা অনুষ্ঠানটো ২০১০ চনত ছনী টিভিৰ মজিয়ালৈ আহে।
ব্ৰডকাষ্ট অডিয়েন্স ৰিচাৰ্চ কাউন্সিল ইণ্ডিয়া অৰ্থাৎ ভাৰতত টেলিভিছনৰ দৰ্শক পৰিমাপক সংস্থাৰ মতে বচ্চন আয়োজিত কৌন বনেগা কৌড়পতি হৈছে ভাৰতীয় দূৰদৰ্শনত সৰ্বাধিক প্ৰচলিত অনুষ্ঠান। কেৱল সেয়াই নহয় অনুষ্ঠানটোৱে তেওঁলোকৰ অনুষ্ঠান সম্প্ৰচাৰিত হৈ থকা চেনেল চনি এণ্টাৰটেইনমেণ্ট টেলিভিছনকো শীৰ্ষ স্থানলৈ লৈ গৈছে।
বৰ্তমানেও কমা নাই অমিতাভ বচ্চন বা কে বি চিৰ জনপ্ৰিয়তা। কে বি চিৰ ১৩ সংখ্যক সংস্কৰণত এক কোটি টকা জিকি আগ্ৰাৰ দৃষ্টিহীন শিক্ষয়িত্ৰী হিমানী বুন্দেলাই দৰ্শকৰ হৃদয়ো জয় কৰিলে। এক কোটি টকাৰ লগতে তেওঁ উপহাৰ হিচাপে লাভ কৰিছে এখন গাড়ীও।
হিমানীয়ে সাত কোটি টকা জিকাৰ সুযোগ লাভ কৰিছিল যদিও এক কোটিতেই খেলা সামৰিলে শিক্ষয়িত্ৰীগৰাকীয়ে।
অধ্যয়নৰ প্ৰতি তীব্ৰ আগ্ৰহী হিমানীয়ে কেবিচিৰ অনুষ্ঠানত জানিবলৈ দিছিল যে তেওঁৰ এই শাৰীৰিক প্ৰতিবন্ধকতা কেতিয়াও অক্ষমতাৰ কাৰক হৈ পৰা নাই। নিজৰ অধ্যয়নৰ লগতে আনক পঢ়ুওৱাৰ দায়িত্বও তেওঁ সুকলমে চলাই গৈছে।
অমিতাভ বচ্চনৰ কণ্ঠ শুনিয়েই তেওঁৰ সাহস আৰু শক্তি অধিক বৃদ্ধি পাইছিল বুলিও জানিবলৈ দিয়ে হিমানীয়ে।
আনহাতে, এই বিশাল ধনৰাশিৰে তেওঁ কি কৰিব বুলি সোধা প্ৰশ্নৰ উত্তৰত হিমানীয়ে কয় যে তেওঁৰ ইচ্ছা বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে এটা কোচিং চেন্টাৰ খোলাৰ।