হিন্দু ধর্মৰ লোকসকলৰ বাবে পুৰীৰ জগন্নাথ মন্দিৰ অত্যন্ত পূণ্যস্থলী হিচাপে পৰিচিত ৷ দৈনিক হাজাৰ হাজাৰ ভক্তৰ আগমণ ঘটা এই মন্দিৰটোৰ নামত কিমান মাটিৰ সম্পত্তি আছে জানেনে ? শেহতীয়াকৈ ওড়িশা চৰকাৰৰ মন্ত্ৰীয়ে বিধানসভাত প্ৰকাশ কৰিছে ইয়াৰ তথ্য । সেই ৰাজ্যৰ শাসকীয় বিজু জনতা দলৰ (বিজেডি)ৰ এজন বিধায়কৰ প্রশ্নৰ উত্তৰত আইন মন্ত্রীগৰাকীয়ে কয় যে সমগ্ৰ দেশতে প্রায় সত্তৰ হাজাৰ একৰ সম্পত্তি জগন্নাথৰ নামত আছে৷ ওড়িশাৰ বাহিৰেও দেশৰ আন ছখন ৰাজ্যত ভূমি আছে জগন্নাথ মন্দিৰৰ ৷
বিজেডিৰ বিধায়ক প্ৰশান্ত বেহৰাই ওড়িশা বিধানসভাৰ পুৰীত জগন্নাথৰ মাটি সন্দৰ্ভত এটা প্ৰশ্ন কৰিছিল। সেই প্ৰশ্নৰ লিখিত উত্তৰত ওড়িশাৰ আইন মন্ত্ৰী জগন্নাথ সৰকাই কয় যে ওড়িশাৰ ৩০খন জিলাৰ ভিতৰত ২৪খন জিলাত পুৰীৰ জগন্নাথৰ নামত সম্পত্তি আছে। ইয়াৰ বাহিৰেও দেশৰ আন ছখন ৰাজ্যত সম্পত্তি আছে।
মন্ত্ৰী গৰাকীয়ে লগতে কয় যে ওড়িশাৰ বিভিন্ন ঠাইত এই মাটিসমূহ বেদখল হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই পৰ্যন্ত পুৰীৰ জগন্নাথ মন্দিৰৰ পৰিচালন সংস্থা শ্ৰীজগন্নাথ মন্দিৰ প্ৰশাসনে ৯৪৭টা এনে অভিযোগ দাখিল কৰিছে । অভিযোগ প্ৰমাণিত হ’লে ‘জগন্নাথ মন্দিৰ আইন, ১৯৫৫’ৰ গোচৰ ৰুজু কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়।