কম পইচা বিনিয়োগ কৰি অধিক মুনাফা লাভ কৰাৰ প্ৰস্তাৱ কেতিয়াবা ফোন-ইমেইল অথবা মেছেজত লাভ কৰে নেকি আপুনি ৷ যদি লাভ কৰিছে তেন্তে সাৱধান হওঁক ৷ এইবাৰ দেশৰতথ্য প্ৰযুক্তিৰ ৰাজধানী বাংগালুৰুত সংঘটিত হৈছে বিনিয়োগৰ আকৰ্ষণীয় প্ৰস্তাৱ দি সাধাৰণ জনতাৰ কোটি কোটি টকাৰ প্ৰতাৰণা কৰা হৈছে । এই অভিযানত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৬টা প্ৰৱঞ্চক। ভুৱা সংগঠনটোৰ পাঁচ কোটি টকা জব্দ কৰা হৈছে।
মাহিলী ১০০০ৰ পৰা ১০ হাজাৰ টকা বিনিয়োগ কৰিলে দৈনিক ১০০০ৰ পৰা ৫০০০ টকা লাভ কৰিব বুলি প্ৰৱঞ্চকসকলে হোৱাটছএপ আৰু টেলিগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়া এপ ব্যৱহাৰ কৰি জালিয়াতি বিয়পাইছিল। বিপুল লাভৰ লোভত বহুতে সেই ফান্দত ভৰি দিয়ে। প্ৰৱঞ্চকক গ্ৰেপ্তাৰৰ লগত জড়িত এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, লোভত হাজাৰ হাজাৰ লোকে কোম্পানীটোত বিনিয়োগ কৰিছিল। গড়ে প্ৰত্যেকৰে বিনিয়োগৰ পৰিমাণ ১ লাখৰ পৰা ১০ লাখ টকালৈকে আছিল। এইদৰে বজাৰৰ পৰা মুঠ ৮৫৪ কোটি টকা প্ৰৱঞ্চকে লুণ্ঠন কৰে ৷
বিনিয়োগকাৰীক কোৱা হৈছিল যে তেওঁলোকে বিনিয়োগ কৰা ধন এক নিৰ্দিষ্ট সময়ৰ পিছত উলিয়াব পাৰিব। কিন্তু বিনিয়োগৰ পৰ্যায় শেষ হোৱাৰ লগে লগে কোম্পানীটোৰ মালিকসকল নোহোৱা হৈ গ’ল। বিনিয়োগকাৰীসকলে বুজি পালে যে তেওঁলোকক প্ৰতাৰণা কৰা হৈছে। আৰক্ষীৰ ওচৰলৈ গৈ তেওঁলোকেএজাহাৰ দাখিল কৰে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ মতে, প্ৰৱঞ্চকসকলে বিনিয়োগ কৰা ধন বিভিন্ন অনলাইন পেমেণ্ট অপচনৰ জৰিয়তে ডাইভাৰ্ট কৰে। ইয়াৰ পিছত সেই ধন বিভিন্ন একাউণ্টলৈ গৈ ক্ৰিপ্টোকাৰেন্সী বা গেমিং এপত জমা হয়। এইদৰে ধনৰ উৎস বিচাৰি উলিওৱাটো কঠিন। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ৬ জন লোকক গ্ৰেপ্তাৰ কৰে। গোচৰীয়াসকলে সন্দেহ কৰিছে যে কেৱল বেংগালুৰুই নহয়, এই প্ৰৱঞ্চনাৰ জাল সমগ্ৰ দেশতে বিয়পি পৰিছে। কৰ্ণাটকৰ সীমান্তৰ সিপাৰে আন কেইবাখনো ৰাজ্যৰ বহু লোকক লুণ্ঠন চলোৱাৰ আঁৰত ধৃত প্ৰৱঞ্চক কেইজনেই আছে বুলিও আৰক্ষীয়ে বিশ্বাস কৰে।