আজিৰ পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰ পানীৰ বটল ৷ ইয়াৰ পৰিৱর্তে ২৫০ মিলিলিটাৰ পর্যন্ত পানীৰ বটলহে আজিৰ পৰা নিষিদ্ধ হ’ব ৷ এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি ২০২৪ বর্ষৰ ২ অক্টোবৰৰ পৰাহে ৫০০ মিলিলিটাৰ পানীৰ বটল নিষিদ্ধ কৰা হ’ব ৷
দেওবাৰে এক অনুষ্ঠানৰ অন্তত তেওঁ সংবাদমাধ্যমৰ সন্মুখত প্ৰকাশ কৰা অনুসৰি একাংশ অসমীয়া উদ্যোগীৰ অনুৰোধত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ বহু উদ্যগীয়ে ৫০০ মিলিলিটাৰ পর্যন্ত বটল নির্মাণৰ বাবে উদ্যোগ স্থাপন কৰিছে ৷ এই উদ্যোগসমূহৰ ক্ষমতা ১ লিটাৰ পর্যন্ত বৃদ্ধি কৰিবলৈ এবছৰৰ সময় বিচাৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে আজিৰ পৰা ৫০০ মিলিলিটাৰৰ পানীৰ বটল নিষিদ্ধ নকৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ অসমীয়া উদ্যোগীসকলে মেচিন উন্নীতকৰণৰ বাবে প্ৰয়োজনীয় ধনৰ ১০ শতাংশ ৰাজসাহায্য প্ৰদান কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে ৷
পূর্বে ৰাজ্য চৰকাৰে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৫০০ লিটাৰ পানীৰ বটলৰ উৎপাদন, বিতৰণ আৰু বিক্ৰী নিষিদ্ধ কৰিছিল ৷