গুৱাহাটীত প্ৰেমৰ সম্পর্কক লৈ এজন যুৱক আৰু এগৰাকী যুৱতীৰ মাজত সৃষ্টি হোৱা সংঘাত গৈ পাইছে আৰক্ষী থানাৰ মজিয়া ৷ পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে অভিযোগ তুলি আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ ৷ এই ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ জয়ানগৰত ৷
ঘটনাৰ বিবৰণী অনুসৰি বৰপেটাৰ সর্থেবাৰীৰ যুৱতী গৰাকীৰ সৈতে ঝাৰখণ্ডৰ ৰাজ কিৰণ নামৰ যুৱকজনৰ সৈতে দিল্লীত পৰিচয় ঘটিছিল ৷ তাৰ পাছতে দুয়োৰে মাজত প্ৰেমৰ সম্পর্ক আৰম্ভ হয় ৷ যোৱা বছৰ তেওঁলোক দুয়ো গুৱাহাটীলৈ গুচি আহে আৰু জয়ানগৰৰ এটা ফ্লেটত একেলগে থাকিবলৈ লয় ৷
কিন্তু শেহতীয়াকৈ দুয়োজনৰ মাজত বিভিন্ন কথাক লৈ মনোমালিন্য আৰম্ভ হয় আৰু কাজিয়াৰ সূত্ৰপাত ঘটে ৷ যাৰ বাবে যুৱকজনে যুৱতী গৰাকীক এৰি ঘৰলৈ ওভতি যোৱাৰ পৰিকল্পনা কৰে ৷ এই বিষয়ে পুর্বেই যুৱতী গৰাকীয়ে আৰক্ষীক অৱগত কৰিছে ৷
ইয়াৰ মাজতে যুৱকজনৰ পৰিয়ালে আভিযোগ কৰিছে যে যুৱকজনক আৱদ্ধ কৰি ৰাখি যুৱতী গৰাকীয়ে ধন দাবী কৰিছে ৷ যাৰ বাবে যুৱকজনে যুৱতী গৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে ৷ ৰাজকিৰণে অভিযোগ কৰিছে যে সকলো নথি পত্ৰ ৰাখি থোৱাৰ বাবে তেওঁ গুৱাহাটী এৰি যাব পৰা নাই ৷ আনহাতে যুৱতী গৰাকীয়েও আন এটা গোচৰ তৰি অভিযোগ দিছে যে বিয়াৰ প্ৰলোভনেৰে একেলগে থাকি এতিয়া ৰাজ কিৰণ আঁতৰি যাব বিচাৰিছে ৷
লক্ষণীয় যে যুৱতী গৰাকী মুছলিম সম্প্ৰদায়ৰ হোৱাৰ পৰিৱর্তে যুৱকজন হিন্দু ৷ যাৰ পৰিপ্ৰেক্ষিতত এটা বিশেষ ৰাজনৈতিক দলৰ একাংশ সদস্যই এই ঘটনাটো হানী ট্ৰেপিঙৰ ৰূপ দিবলৈ চেষ্টা কৰিছে ৷ অৱশ্যে আৰক্ষীৰ প্ৰাথমিক অনমুসন্ধানতে এই তথ্য পোহৰলৈ আহিছে যে এয়া হানীট্ৰেপিঙৰ ঘটনা নহয় ৷ যুৱতী গৰাকীৰ মতে তেওঁৰ যথেষ্ট ধন ব্যয় কৰিছে যুৱকজনে ৷ আৰক্ষীৰ তদন্ততে ঘটনাৰ সঠিক তথ্য পোহৰলৈ আহিব ৷