সংগঠনবিৰোধী কাম-কাজত জড়িত থকাৰ অভিযোগত পুনৰ মৃত্যদণ্ডৰ সন্মুখীন হ’ল দুই আলফা (স্বাঃ)ৰ সদস্য ৷ ম্যানমাৰৰ আলফা শিৱিৰত মৃত্যুদণ্ডৰ দৰে ভয়ানক শাস্তি বিহা হ’ল আলফা (স্বাঃ)ৰ সদস্যক। জানিব পৰা মতে মৃত্যুদণ্ড দিয়া কেডাৰৰ ভিতৰত আছে এগৰাকী মহিলাও ৷
চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত দুই কেডাৰক পৰেশ বৰুৱা বাহিনীয়ে মৃত্যদণ্ড বিহা বুলি অভিযোগ উঠিছে । মৃত্যুদণ্ডৰে দণ্ডিত কেডাৰ দুজন হৈছে লাচিত হাজৰিকা ওৰফে চেলিম আলী আৰু বৰ্ণালী অসম ওৰফে নয়নমণি চেতিয়া ৷
উল্লেখ্য যে, নয়নমণি চেতিয়া আছিল এগৰাকী সুদক্ষ খেলুৱৈ। মৃত্যুদণ্ড বিহা লাচিত হাজৰিকা ওৰফে চেলিম আলীৰ ঘৰ বিহপুৰীয়াত বুলি জানিব পৰা গৈছে ৷ অৱশ্যে এই সন্দর্ভত এতিয়াও আলফা (স্বাঃ)ৰ ফালৰ পৰা কোনো সৱিশেষ প্ৰকাশ কৰা হোৱা নাই ৷ ছেপ্তেম্বৰৰ শেষৰফালে দুয়োকে মৃত্যদণ্ড বিহা হৈছিল ৷ মৃত্যুদণ্ডৰ পূর্বে পৰেশ বৰুৱা আৰু অৰুণোদয় অসমৰ নেতৃত্বত বুদ্ধ পূর্ণিমাৰ দিনা বিচাৰ বহিছিল ৷ ইয়াৰ পাছতে তেওঃলোকক মৃত্যুদণ্ড দিয়া হয় ৷
ইপিনে, এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে ৷ তেওঁ সামাজিক মাধ্যমত কয় –“জংঘলৰ পৰা অহা খিলঞ্জীয়া যুৱক-যুৱতীৰ মৃত্যুৰ হৃদয়বিদাৰক খবৰ সকলোকে চিন্তিত কৰিছে ৷ অসমৰ যুৱক-যুৱতীসকললৈ মোৰ অনুৰোধ – যিজন ব্যক্তি আৰু সংগঠনৰ বাবে আপোনাৰ জীৱনটো গুৰুত্বপূৰ্ণ নহয় তাৰ বাবে আপোনাৰ জীৱন নষ্ট নকৰিব ॥“