চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কালি গান্ধী মণ্ডপত অনুষ্ঠিত এখন বিশেষ কেবিনেট বৈঠকত চাহ মজদুৰসকলৰ মজুৰি বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ কিন্তু কিমান মজুৰি তেওঁলোকৰ বৃদ্ধি কৰা হ’ব জানেনে ? কেবিনেট সিদ্ধান্ত অনুসৰি চাহ শ্ৰমিকসকলৰ মজদুৰৰ মজুৰি বৃদ্ধি পাব মাত্ৰ ১৮ টকা ৷
কেবিনেট বৈঠকে কালি ব্ৰহ্মপুত্ৰ উপত্যকাত ন্যূনতম মজুৰি ২৩২ টকাৰ পৰা ২৫০ টকা আৰু বৰাক উপত্যকাত ২১০ টকাৰ পৰা ২২৮ টকালৈ বৃদ্ধিত অনুমোদন দিছে ৷ অৱশ্যে এটিচিএল বাগিচাত ২০ শতাংশ বোনাছত কেবিনেটা অনুমোদন দিছে ৷ তদুপৰি অসম লোককসেৱা আয়োগৰ তৃতীয় আৰু চতুর্থ বর্গৰ নিযুক্তি পৰীক্ষাত চাহ জনজাতিৰ বাবে ৩ শতাংশ আসন সংৰক্ষণ কৰিবলৈয়ো সিদ্ধান্ত লোৱা হৈছে ৷