বুধবাৰে কইনাধৰাত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ক’ভিড সংক্ৰান্তীয় বিপদৰ আশংকা কিছু পৰিমাণে হ্ৰাস হৈছে বুলি ভবা হৈছে যদিও ইতিমধ্যে বহুসংখ্যক লোকৰ ক’ৰনাত মৃত্যু হ’ল। সেই কথা গুৰুত্ব সহকাৰে বিবেচনা কৰি কেবিনেটে ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ বাবে তিনিখন আঁচনি গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।
সেই অনুসৰি, ক’ভিডত যদি কোনো শিশুৰ পিতৃ-মাতৃৰ মৃত্যু ঘটিছে তেন্তে তেওঁৰ শিশুটোৰ বাবে ৭.৫ লাখ টকাৰ ফিক্স ডিপজিট কৰা হ’ব। তদুপৰি, ক’ভিডত স্বামীক হেৰুওৱা পত্নীলৈ ১ লাখ টকাৰ সাহাৰ্য আগবঢ়োৱা হ’ব।
ক’ভিডত মৃত্যু হোৱা লোকৰ বাবে নতুন আঁচনি ‘প্ৰাৰ্থনা’ৰ অধীনলৈ আহিব প্ৰায় ৬০০০ লোক। ক’ভিডত মৃত্যু হোৱা ৬৬০ গৰাকী ব্যক্তিৰ নিকটাত্মীয়ই প্ৰাৰ্থনাৰ জৰিয়তে ১ লাখ টকাৰ এককালীন সাহায্য লাভ কৰিব।
উল্লেখ্য যে অহা ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰীসকলে সংশ্লিষ্ট জিলাসমূহত এই ধনৰাশিৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব।
ক’ভিড ১৯ৰ যাৱতীয় খৰচৰ বাবদ দিবলগীয়া ৬,৫০০ কোটি টকা প্ৰতিখন জিলাৰ উপায়ুক্তলৈ মুকলি কৰি দিয়াৰ বাবেও আজিৰ কেবিনেটে অনুমোদন দিয়ে।
কেবিনেটে লোৱা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ভিতৰত অসমলৈ গৌৰৱ কঢ়িয়াই অনা বক্সিং চেম্পিয়ন যমুনা বড়ো আৰু আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী চেম্পিয়ন সঞ্জয় বড়োক আবকাৰী পৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হ’ব।
অহা ৩ ছেপ্তেম্বৰত ৰাজ্য চৰকাৰৰ বিশেষ কাৰ্যসূচীত দুয়োগৰাকী ক্ৰীড়াবিদকে নিযুক্তি পত্র প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে।
আনহাতে মন্ত্ৰী পীয়ুষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত অৱগত কৰে যে আদিবাসী আৰু চাহ জনগোষ্ঠীৰ দাবীৰ প্ৰতি সন্মান জনাই ৰাজ্যিক কেবিনেটে ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ নাম পুনৰ ওৰাং অভয়াৰণ্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেখেতে উল্লেখ কৰে যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৰাজীৱ গান্ধীৰ নাম প্ৰত্যাহাৰ কৰা হৈছে আৰু এতিয়াৰে পৰা ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানক কেৱল ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰূপেহে জনা যাব।