ঋতু পৰ্ণ শৰ্মা,নগাঁও,৩অক্টোবৰ:– পিতা মহাত্মা গান্ধীৰ জন্ম দিৱস আৰু “আন্তজাতিক অহিংসা দিৱস”ৰ লগত সংগতি ৰাখি সোমবাৰে নগাঁও জিলাৰ শালমৰা গাঁও পঞ্চায়তৰ উদ্যোগত আৰু ফুলগুৰি ৰাজ্যিক চিকিৎসালয়ৰ সহযোগত বিশেষ গাঁও সভা অনুষ্ঠিত হয় ৷ এই উপলক্ষে ডিমৌ মজলীয়া বিদ্যালয়ত গাঁও পঞ্চায়তৰ সভানেত্ৰী ববিতা শৰ্মা মেধিৰ সভাপতিত্বত অনুষ্ঠিত সভাত জাগীয়াল জিলা পৰিষদৰ সদস্যা কবিতা বৰাই চৰকাৰৰ অমৃত কলহ যাত্ৰাৰ ওপৰত ব্যক্তব্য ৰাখে। ফুলগুৰি ৰাজ্যিক ফুলগুৰি ৰাজ্যিক চিকিৎসালয়ৰ এম পি ডব্লিউ কল্যাণ কুমাৰ বৰাই কেন্দ্ৰীয় চৰকাৰৰ আয়ুস্মান ভৱ চিকিৎসা আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰে ৷ নগাঁও জিলা বিজেপি অ’বিচি মৰ্চাৰ সভাপতি সঞ্জীৱ দেউৰীয়েও বক্তব্য প্ৰদান কৰে । সভাত কণমানি শিল্পী অন্বেষা দেউৰীৰ এটি সুন্দৰ নৃত্যৰে সকলোকে মোহিত কৰে ৷ পঞ্চায়ত সদস্য কমল বৰকটকীয়ে আঁত ধৰা সভাত গাঁও পঞ্চায়তৰ সচিব আৰ্মিন চুলতানা,এ বি পি এম বাবুল ভৰালী,গাঁও পঞ্চায়তৰ উপ উপসভাপতি অনিন্দ্ৰ বৰদলৈ, শক্তিকেন্দ্ৰৰ প্ৰমুখ মিন্টু কুমাৰ দেউৰীকে ধৰি ৱাৰ্ড সদস্যসকল, জীৱিকা সখী,আশা কৰ্মী আদিৰ লগতে ভালে সংখ্যক লোক উপস্থিত থাকে ৷
ইয়াৰ পূৰ্বে “মোৰ মাটি মোৰ দেশ” অভিযানৰ অমৃত কলহ যাত্ৰাৰ কলহসমূহ বিভিন্ন গাঁৱৰ পৰা সমদল কৰি আনি শালমৰা পঞ্চায়ত কাৰ্যালয়ত সাদৰেৰে গ্ৰহণ কৰা হয় ৷ ইপিনে জিলাখনৰে বটদ্ৰৱা উন্নয়ন খণ্ডতো সোমবাৰে অমৃত কলহ যাত্ৰা উলিওৱা হয় । শংকৰ মাধৱ গ্ৰাম্য সংগঠনৰ লগতে পাৰ্বতী গ্ৰাম্য সংগঠন,বিছমিল্লাহ গ্ৰাম্য সংগঠন আৰু বটদ্ৰৱা সৰুহিছা মনিকাঞ্চন গ্ৰাম্য সংগঠনৰ শতাধিক মহিলাই পদব্ৰজে সমদল কৰি বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়লৈ অমৃত কলহ লৈ যাত্ৰা কৰে । পঞ্চায়তৰ জীৱিকা সখী ত্ৰিবেণী কলিতাই জনোৱা মতে এই কলহ যাত্ৰাত বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰতি ঘৰ মানুহৰ পৰা এমুঠিকৈ মাটি সংগ্ৰহ কৰা হয়। বটদ্ৰৱাৰ “মোৰ দেশ মোৰ মাটি” কাৰ্যসূচীত সমাজকৰ্মী তথা শংকৰদেৱৰ গৱেষণা প্ৰতিষ্ঠানৰ সম্পাদক ইন্দ্ৰমোহন বৰুৱা,বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ সচিব সতীশ চন্দ্ৰ শৰ্মাকে প্ৰমুখ্য কৰি বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যসকল উপস্থিত থাকে। অহা ৯ অক্টোবৰত বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ পৰা বটদ্রৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ শোভাযাত্ৰা কৰি মৰ্যদা সহকাৰে অমৃত কলহ প্ৰেৰণ কৰা হ’ব । উল্লেখ্য যে,স্বাধীনতাৰ শতবৰ্ষলৈকে ‘অমৃত কাল’ হিচাপে চিহ্নিত কৰি ভাৰত চৰকাৰে সমগ্ৰ দেশ জুৰি “মোৰ মাটি মোৰ দেশ” কাৰ্যসূচী হাতত লৈছে। তাৰ লগত সংগতি ৰাখি যোৱা ২০ ছেপ্টেম্বৰৰ পৰা ২৮ অক্টোবৰলৈ “অমৃত কলহ যাত্ৰা” কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে । পৰৱৰ্তী সময়ত উন্নয়ন খণ্ডৰ ইতিমধ্যো সংগৃহীত পবিত্ৰ মাটিৰে পূৰ্ণ পিতলৰ কলহ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানলৈ প্ৰেৰণ কৰাৰ পাছত অহা ২৬ অক্টোবৰত কলাক্ষেত্ৰত কলহ দুটা সংগ্ৰহ কৰাৰ পাছত কলহ সমূহ নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ’ব। একেদৰে ২৮ অক্টোবৰত নতুন দিল্লীত কলহসমূহ অসম ভৱনত সংৰক্ষণ কৰা হ’ব। ইয়াৰ পাছত এই পবিত্ৰ ভূমি নতুন দিল্লীৰ “ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ক্ষেত্ৰ”ৰ সমীপত নিৰ্মীয়মাণ অমৃত উদ্যানস্থলীলৈ নিয়া হ’ব ।