গুৱাহাটী 3 অক্টোবৰ -প্ৰথমে বৈষম্যমূলক, বৰ্বৰ, বেআইনী উচ্ছেদ তাৰ পাছত ধাৰাবাহিক উচ্ছেদিতৰ প্ৰতিবাদ
অসমৰ ইতিহাসত নজিৰবিহীন মহিলাৰ অৰ্ধ উলংগ প্ৰতিবাদত বাধ্য হৈ নগন্য পৰিমাণৰ ক্ষতিপূৰণ ঘোষণা তাতো ৰাজনৈতিক আৰু বৈষম্য, পুনৰ সংস্থাপনৰ নামত নাটক। এশ শতাংশ থলুৱা লোকে বসবাস কৰা শিলসাঁকোৰ উচ্ছেদিতক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এনে খিলঞ্জীয়া বিৰোধী স্থিতিৰ বিৰুদ্ধে চচলত উত্তাল প্ৰতিবাদ উচ্ছেদ প্রতিৰোধী ৰাইজৰ। প্ৰতিবাদত নেতৃত্ব প্ৰদান কৰে গায়েত্ৰী বৰি, ইন্দুমণি বৰা, জুলি ফুকন, বিতুমণি দাস বেগমে। ক্ষতিপূৰণৰ নামত কণা হাঁহক পটান দিয়া বন্ধ কৰক, বানমুক্ত গুৱাহাটীৰ নামত শিলসাঁকোৰ ৰাইজক বলিৰ পঠা সজোৱা বন্ধ কৰক, ক্ষতিপূৰণসহ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, পুনৰ সংস্থাপন দিব নোৱাৰিলে আমাৰ ঘৰ ভেটি ঘূৰাই দিয়ক, পুনৰ সংস্থাপনৰ নামত বিভাজনৰ ৰাজনীতি বন্ধ কৰক আদি শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আজিৰ প্রতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি গায়ত্ৰী বৰীয়ে কয় যে চৰকাৰে আমাক চুড়ান্ত প্ৰতাৰণা কৰিছে। প্ৰথমে বেআইনী উচ্ছেদ, তাৰ পৰৱৰ্তী সময়ত কেৱল আন্দোলন স্তিমিত কৰিবৰ বাবেহে যে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজহুৱাকৈ ফ্লেট আৰু ক্ষতিপূৰণৰ পেকেজ ঘোষণা কৰিছিল সেয়া দেখ দেখকৈ প্ৰমাণ হৈছে। পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ অভাৱত মুকলি আকাশৰ তলত ৰদে বৰষুণে দিন কটাবলগীয়া হৈছে। এই চৰকাৰে আমাক মৃত্যুৰ মুখলৈ ঠেলি দিছে। আন এগৰাকী নেতা ইন্দুমণি বৰাই কয় যে, ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ বাবে চৰকাৰে প্ৰশাসন ব্যৱস্থাৰ জৰিয়তে উচ্ছেদৰ তালিকা প্ৰস্তুত নকৰি কিছুমান দালাল নিয়োগ কৰি বাচি বাচি নিজা মানুহক সামান্য পৰিমাণৰ ক্ষতিপূৰণ প্ৰদান কৰি দায়িত্ব সমৰিছে। এয়া অসমত থলুৱা হৈ জন্ম লোৱাৰ অভিশাপ। প্ৰতিবাদত ভাগ লৈ নেইনা বেগমে কয় যে, অসমত কোনো দিন নোহোৱা নুপজা অৰ্ধ উলংগ প্ৰতিবাদেও আকুৰগোজ পুঁজিপতি চৰকাৰৰ থলুৱাবিৰোধী স্থিতি সলনি কৰিব নোৱাৰিলে। আমাৰ আৰু ধৰ্য্য পৰীক্ষা নাচাব। প্ৰতিবাদৰ নেতৃত্ব প্ৰদান কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে কয় যে,সততে থলুৱাৰ চৰকাৰ বুলি নিজকে দাবী কৰি অহা বিজেপি চৰকাৰ আৰু নিজকে খিলঞ্জীয়াৰ ত্ৰাণকৰ্তা বুলি জাহিৰ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ থলুৱা মানুহৰ প্ৰতি এনে বৈষম্যমূলক আচৰণ আৰু বৰ্বৰ মানসিকতাই বৃটিছ শাসনকালৰ সময়ছোৱালৈ মনত পেলাই দিছে। পুঁজিপতিৰ এটাও প্ৰতিষ্ঠান সেয়া জিঞ্জৰ হোটেলেই হওক নাইবা হিম্মত চিংকাৰ আইডিয়েল হিলভিউ বা আজমলৰ অট্টালিকা ক’তো এটা হাতুৰীৰ কোব মাৰিবলৈ সাহস গোটাব নোৱাৰা চৰকাৰে দুখীয়া প্ৰজাসমূহ ঠিকেই ভাঙিলে। বানমুক্ত গুৱাহাটীৰ নামত অসমৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীবাসীৰ লগতে অসমবাসী ৰাইজক সম্পূৰ্ণৰূপে আভুৱা ভাৰিছে। নিৰ্বাচনৰ পূৰ্বে বান নিয়ন্ত্ৰণৰ বাবে গুৱাহাটীৰ মাজেদি বৈ যোৱা দুখন গুৰুত্বপূৰ্ণ নদী ভৰলু আৰু বাহিনী খান্দি দ আৰু বহল কৰি পানী ব্ৰহ্মপুত্ৰত পেলোৱাৰ কথা কৈছিল আৰু সেয়াই প্ৰকৃতাৰ্থত বিজ্ঞানসন্মত কৰিবলগীয়া কাম আছিল। কিন্তু এতিয়া অবিজ্ঞানসন্মত ভাৱে জ্বলমগ্ন দ ঠাইৰপৰা ওখ ঠাই শিলসাঁকোলৈ পাহাৰৰ ওপৰেৰে পানী বোৱাই আনি শিলসাঁকোত পেলাবহি বুলি ভুৱা কথাটো কেৱল হাস্যকৰেই নহয় উদ্দেশ্য প্ৰণোদিত। সমগ্ৰ অসমবাসীৰ ওচৰত গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে শিলসাঁকোবাসীক জগৰীয়া সজাব বিচাৰিলেও প্ৰকৃততে সেয়া যে গোকাত মিছা কথা তাক দেশদেখকৈ প্ৰমাণ কৰে উচ্ছেদ স্থলীত আজিও থিয় হৈ থকা পুঁজিপতিৰ বৃহৎ অট্টালিকা কেইটাই। ইয়ে প্ৰমাণ কৰে এই উচ্ছেদ কিয় আৰু কাৰ স্বাৰ্থত। গতিকে উচ্ছেদিতৰ সন্মানজনক পুনৰ সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণ অবিহনে চৰকাৰে শান্তিত থাকিবলৈ নাপাব বুলি নেতাদ্বয়ে সকীয়াই দিয়ে।