ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰে তদন্তকাৰী সংস্থাসমূহ সঘনাই বিৰোধীক দমনৰ বাবে ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ ৰাজ্যতো বিৰোধীক দমনৰ বাবে ব্যৱহাৰ কৰা হৈছে নেকি তদন্তকাৰী সংস্থা ? এই প্ৰশ্নই এইবাৰ উত্থাপিত হৈছে ৷কিয়নো চি এম ভিজিলেন্সৰ ৰোষত পৰিছে বিৰোধী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ ৷
চাহ বাগিচা ক্ৰয়ক লৈ হোৱা অনিয়মত চি এম ভিজেলেন্সে তলব কৰিছে কমলাক্ষ দে’ পুৰকায়স্থৰ ভাতৃ কল্যাণ দে’ক ৷ আজি চি এম ভিজিলেন্সত হাজিৰ হয় বিধায়কজনৰ ভাতৃ ৷ বাগিচা ক্ৰয়ত অনিয়ম সন্দর্ভত উত্থাপিত অভিযোগক লৈ কল্যাণ দে’ক চি এম ভিজিলেন্সে সোধাপোচা কৰে ৷
উল্লেখ্য যে ইয়াৰ পূর্বে কমলাক্ষ দে’ পুৰকায়স্থৰ দুই সহযোগীকো চি এম ভিজিলেন্সে তলব কৰিছিল ৷ এয়া বিৰোধীৰ মুখ বন্ধৰ চেষ্টা বুলি মন্তব্য কৰিছিল বিৰোধী বিধায়কজনে ৷