টীয়কত আজি পুৱাই সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ তীব্ৰবেগী এখন ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী ছাত্ৰী। প্ৰাপ্ত তথ্য অনুসৰি ঘৰৰ পৰা ওলাই ৰাস্তা পাৰ হোৱাৰ সময়তে তীব্ৰবেগেৰে অহা ট্ৰাকখনে মহতিয়াই নিয়ে ছাত্ৰী গৰাকীক ৷ ৰজাবাৰীৰ স্কুল অভিমুখে চাইকেল লৈ ৰাস্তা পাৰ হোৱাৰ সময়তে এই ঘটনা সংঘটিত হয় ৷
নিহত ছাত্ৰী গৰাকী ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ফাৰহিজা বেগম বূলি জানি পৰা গৈছে ৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ এছ ০১ ডিডি ১৮৮৭ ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ঘটনা ৷ দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়নৰ চেষ্টা কৰে ট্ৰাকখনৰ চালক-হেণ্ডিমেনে ৷ অৱশ্যে ৰাইজে কৰায়ত্ত কৰে ট্ৰাকখনৰ লগতে চালক-হেণ্ডিমেনক কৰায়ত্ব কৰে ৷ বহু পলমকৈ উপস্থিত হোৱা আৰক্ষীয়ে চালক-হেণ্ডিমেনক ৰাইজৰ জিম্মাৰ পৰা উদ্ধাৰ কৰে ৷ ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱা আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷