কোন দিশে গতি কৰিছে অসম আৰক্ষীৰ উপ-পৰিদর্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্য়ুৰ চিবিআই তদন্ত ? সচাকৈয়ে চিবিআইৰ তদন্তত পোহৰলৈ আহিবনে দুর্ঘটনাৰ ৰহস্য ? ন্যায় পাবনে ভুক্তভোগী পৰিয়ালটোৱে ? এনেবোৰ প্ৰশ্নই এতিয়া উত্থাপিত হৈছে ৷ কিয়নো জোনমণি ৰাভাৰ মৃত্যুৰ ১৪২ দিন পাছতহে উদ্ধাৰ কৰা হৈছে তেওঁৰ দুয়োটা মোবাইল ফোন ৷জোনমণি ৰাভাৰ দুর্ঘটনগ্ৰস্ত বাহনখনৰ পৰাই উদ্ধাৰ হৈছে মোবাইল ফোন দুটা ৷
ৰহস্যজনকভাৱে চিবিআইৰ পূর্বে নগাঁও আৰক্ষী আৰু চিআইডিয়ে দুর্ঘটনাগ্ৰস্ত বাহনখনত তালাচী চলাইছিল ৷ আনকি চিবিআইয়েও গোচৰটোৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত দুর্ঘটনাগ্ৰস্ত বাহনখনত তদন্ত কৰিছিল ৷ কিন্তু কোনেও এই মোবাইল কেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ? সচাকৈয়ে তদন্তকাৰীৰ চকুত পৰা নাছিলনে মোবাইল ফোন দুটা ৷
আনকি বাৰে বাৰে জোনমণিৰ মাতৃয়ে মোবাইল ফোন দুটা উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছিল ৷ কিয়নো মোবাইল ফোন দুটাৰ পৰা তদন্তত সহায় কৰিব পৰাকৈ বহু তথ্য লাভ কৰিবলৈ সক্ষম হ’লহেতেন ৷ কিন্ত ১৪২ দিন পর্যন্ত কিয় মোবাইল ফোন দুটা উদ্ধাৰ কৰা নাছিল তাৰ কাৰণ স্পষ্ট নহয় ৷ বহুলোকে সন্দেহ প্ৰকাশ কৰিছে যে কোনোবাই মোবাইল দুটাৰ পৰা গুৰুত্বপূর্ণ তথ্য মচি পুনৰ দুর্ঘটনাগ্ৰস্ত বাহনখনত ৰাখিছিল নেকি ? এনেদৰে ৰাখি চিবিআইক খবৰ দিয়া হৈছিল নেকি মোবাইল দুটাৰ বিষয়ে ?
এনে বিভিন্ন প্ৰশ্নই উত্থাপন হৈছে এতিয়া চিবিআই তদন্তক লৈ ৷ ইপিনে আজি পুনৰ দুর্ঘটনাস্থলী পৰিদর্শন কৰিব চিবিআইৰ দলে ৷ সমান্তৰালভাৱে আজি লখিমপুৰৰ তদানীন্তন আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক জেৰা চলায় চিবিআইয়ে ৷ পুৱাৰ পৰা তেওঁক জেৰা আৰম্ভ কৰিছে তদন্তকাৰীয়ে ৷ জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে সাঙোৰ খাইছিল লখিমপুৰৰ নকল সোণ আৰু জাল নোটৰ অবৈধ ব্যৱসায়ী চক্ৰৰ ৷ যোৱা ১৫ মে’ত মৃত্যু হৈছিল জোনমণি ৰাভাৰ ৷