লখিমপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ এজন যুৱকৰ মৃতদেহ উদ্ধাৰৰ পাছতে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে ৷ ড্ৰাগছ মাফিয়াই যুৱকজনক হত্যা কৰি পানীত পেলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷
প্ৰাপ্ত তথ্য অনুসৰি লখিমপুৰ জিলাৰ গৰিয়াজানত আজি উদ্ধাৰ কৰা হৈছে টবিদ হুছেইনৰ মৃতদেহ ৷ যোৱা বুধবাৰৰ পৰা তেওঁ সন্ধানহীন হৈ আছিল ৷ পৰিয়ালৰ লোকে সংবাদমাধ্যমৰ সন্মুখত প্ৰকাশ কৰা অনুসৰি বুধবাৰে বিয়লি চাৰিমান বজাত ঘৰৰ পৰা ওলাই গৈছিল ৷ ঘৰৰ পৰা গৈ গৰিয়াজানৰ চাপৰিগাৱঁত এখন দোকানত আন দুজন যুৱকৰ সৈতে চাহ খাইছিল ৷ সেই সময়তে আন ১০ জন মান লোকে আক্ৰমণ কৰিছিল টবিদক ৷ টবিদৰ মোবাইলো কাঢ়ি নিয়া বুলিও তেওঁলোকে প্ৰকাশ কৰিছে ৷ পৰিয়ালৰ লোকে সদৰী কৰা অনুসৰি আক্ৰমণকাৰী লোককেইজনে ড্ৰাগচৰ ব্যৱসায় কৰি আহিছিল ৷ আনকি উক্ত অঞ্চলটোত জুৱাৰ অবাধ প্ৰচলন ঘটি আহিছে বুলিও টবিদৰ পৰিয়ালৰ লোকে সদৰী কৰিছে ৷
অৱশ্যে এই অভিযোগ কিমান সঁচা সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব ৷ কিন্তু যদি এই অভিযোগ সচাঁ তেন্তে জিলাখনৰ পৰিৱেশ পৰিস্থিত যে অত্যন্ত বেয়া সেয়া স্পষ্ট হৈ পৰিব ৷ বিগত প্ৰায় চাৰিমাহৰ পূর্বে জিলাখনৰ এছপি হিচাপে নিযুক্তি দিয়া হৈছিল ৷ সঘনাই বিভিন্ন কাম কাজেৰে চমক দিবলৈ চেষ্টা কৰা মিশ্ৰ জিলাখনত যদিহে ড্ৰাগচৰ অবাধ প্ৰচলনৰ অভিযোগ সচাঁ প্ৰমাণিত হয় তেন্তে সেয়া সচাকৈয়ে চিন্তনীয় ৷ কালিও উংকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল লখিমপুৰৰ এখন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৷