যোৱা দুবছৰত মুঠ ১১ জন লোক আক্ৰমণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ চৰকাৰী বাসগৃহ হোৱাইট হাউছত থকা পোহনীয়া কুকুৰ কামাণ্ডাৰে ৷ হোৱাইট হাউছৰ উপৰি ডেলাৱেৰত থকা তেওঁৰ পৰিয়ালৰ ঘৰত পোহনীয়া কুকুৰ কমাণ্ডাৰে নিৰাপত্তাৰক্ষী আৰু চোৰাংচোৱা বিষয়াক আক্ৰমণ কৰে।
ইটোৰ পিছত সিটো ঘটনাৰ বাবে বাইডেনে দুবছৰীয়া জাৰ্মান শ্বেপাৰ্ড প্ৰজাতিৰ কুকুৰটোক হোৱাইট হাউছৰ পৰা অপসাৰণ কৰাৰ সিদ্ধান্ত লয়। দেশৰ সংবাদ মাধ্যমত প্ৰকাশিত একাংশ খবৰ অনুসৰি বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে এই খবৰ প্ৰকাশ কৰে। যোৱা মাহত বাইডেনৰ নিৰাপত্তাৰ দায়িত্বত থকা আমেৰিকাৰ গোপন সেৱাৰ এজন এজেণ্টক কুকুৰটোৱে কামুৰিছিল ৷ গোপন সেৱা সংস্থাৰ মুৰব্বী এণ্টনি গুগ্লিয়েলমিয়ে কয় যে আহত চোৰাংচোৱা বিষয়াজনৰ চিকিৎসা কৰিবলগীয়া হৈছে।
বাইডেনৰ পূৰ্বসূৰী ড’নাল্ড ট্ৰাম্পৰ সময়লৈকে হোৱাইট হাউছত কোনো কুকুৰ নাছিল হোৱাইট হাউচত । কিন্তু ২০২০ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ পিছত ট্ৰাম্পে নিজৰ চৰকাৰী বাসগৃহত প্ৰৱেশ কৰে পোহনীয়া চেম্প আৰু মেজৰৰ সৈতে। আনুষ্ঠানিকভাৱে তেওঁলোকক ‘আমেৰিকাৰ ফার্ষ্ট ডগ’ উপাধি প্ৰদান কৰা হয়।