মাত্ৰ ৪০ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে দূৰদৰ্শনৰ অতি জনপ্ৰিয় অভিনেতা আৰু বিগ বছ ১৩ বিজয়ী সিদ্ধাৰ্থ শুক্লাৰ।
শুক্লাই এগৰাকী মডেল হিচাপে “শ্ববিজ”ত তেওঁৰ কৰ্মজীৱনৰ আৰম্ভ কৰিছিল। আনহাতে দূৰদৰ্শনৰ অনুষ্ঠান “বাবুল কা আংগন চুটে না”ত মুখ্য চৰিত্ৰৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। পৰৱৰ্তী সময়ত “জানে পেহচানে চে… ইয়ে আজনাব্বি”, “লাভ ইউ জিন্দেগী” ইত্যাদি বিভিন্ন টেলিভিশ্বনৰ অনুষ্ঠানত তেওঁক দেখা পোৱা গৈছিল।
কিন্তু “বালিকা বধু” নামৰ ধাৰাবাহিকখনৰ জৰিয়তে লাখ লাখ অনুৰাগীৰ হৃদয় জয় কৰাৰ লগতে দূৰদৰ্শনৰ অতি চিনাকী মুখ হৈ পৰে শুক্লা। তেওঁ “ঝলক দিখলা যা ৬”, “ফিয়াৰ ফেক্টৰ: খতৰো কে খিলাড়ী ৭” আৰু “বিগ বছ ১৩” কে ধৰি বহুকেইটা ৰিয়েলিটি শ্ব’তো অংশগ্ৰহণ কৰিছিল।
২০১৪ চনত শুক্লাই কৰণ জোহৰৰ দ্বাৰা প্ৰযোজিত “হাম্পটি শৰ্মা কি দুলহানিয়া”ৰ জৰিয়তে বলীউডতো আত্মপ্ৰকাশ কৰিছিল।
অতি দুৰ্ভাগ্যজনকভাৱে সম্ভাৱনাময় এই অভিনেতাজনৰ বৃহস্পতিবাৰে মৃত্যু ঘটে। চিকিৎসালয় কতৃপক্ষই জনোৱা অনুসৰি চিকিৎসালয়লৈ অনাৰ আগতেই হৃদৰোগত তেওঁৰ মৃত্যু ঘটিছিল।
সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুত অনুৰাগী তথা সহকৰ্মী বন্ধু-বান্ধৱৰ লগতে সকলোৱে গভীৰ শোক প্ৰকাশ কৰিছে।