বিজুলীৰ মাচুল বৃদ্ধিয়ে ৰাজ্যবাসীক জ্বলাকলা খুৱাই আহিছে ৷ ইয়াক লৈ ৰাজ্যজুৰি প্ৰতিবাদো অব্যাহত আছে ৷ কিন্তু ৰাইজৰ কথাহে শুনিবলৈ আহৰি অথবা ইচ্চা নাই চৰকাৰৰ ৷ এতিয়াৰে পৰা বিজুলী মাচুল বৃদ্ধিৰ ক্ষেত্ৰত আৰু চৰকাৰে নুশুনে ৰাইজৰ মতামত ৷ ইয়াৰ বাবে যাৱতীয় ব্যৱস্থাও গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ পূর্বে বিজুলী মাচুল বৃদ্ধিৰ পূর্বে ৰাজহুৱা শুনানি অনুষ্ঠিত কৰা নিয়ামক আয়োগৰ ক্ষমতা কর্তন কৰিছে ৰাজ্য চৰকাৰে ৷ ইয়াৰ বিপৰীতে এপিডিচিএলক মাচুল বৃদ্ধিৰ পূর্ণ কতৃত্ব প্ৰদান কৰা হৈছে ৷
অর্থাৎ এতিয়াৰে পৰা মাচুল বৃদ্ধিৰ বাবে প্ৰয়োজন নহ’ব কোনো ৰাজহুৱা শুনানিৰ ৷ ইন্ধনৰ মূল্যবৃদ্ধিৰ অজুহাততে যিকোনো মুহুর্তত বর্ধিত মাচুল গ্ৰাহকৰ ওপৰত জাপি দিব পাৰিব এপিডিচিএলে ৷ ৷ অসম বিদ্যুৎ নিয়ামক আয়োগৰ ক্ষমতা কর্তনেৰে ফুৱেল এণ্ড পাৱাৰ পার্চেজ এডজাষ্টমেণ্টৰ জৰিয়তে এপিডিচিএলক মাচুল বৃদ্ধিৰ কতৃত্ব প্ৰদান কৰা হৈছে ৷ ৰাজ্য চৰকাৰৰ নির্দেশমর্মে শেহতীয়াকৈ বিদ্যুৎ নিয়ামক আয়োগ এক জাননীৰে প্ৰকাশ কৰিছে যে ফুৱেল এণ্ড পাৱাৰ পার্চেজ এডজাষ্টমেণ্টৰ নামত বিজুলী মাচুল বৃদ্ধি কৰিবলৈ এতিয়াৰে পৰা নিয়ামক আয়োগৰ কোনো অনুমতি লোৱাৰ প্ৰয়োজন নাই ৷ যাৰ দুর্ভোগ ভুগিব লাগিব সাধাৰণ ৰাইজে ৷ আপুনি গম নোপোৱাকৈয়ে কোন মুহুর্তত আপোনাৰ পৰা অত্যাধিক হাৰত বিজুলী মাচুল আদায় কৰিব সেয়া হয়তো অগোচৰ হৈ থাকিব ৷ মূল্যবৃদ্ধিৰ এই দিনত বিজুলী মাচুলৰ নামত পুনৰ অত্যাধিক ধন ভৰিবলৈ আপুনি সাজু হওঁক ৷