শিলচৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হৈছে ভয়াৱহ ঘটনা ৷ শিশু চুৰি কৰিবলৈ আহি আটক হ’ল দুই মহিলাসহ এজন যুৱক ৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা মহিলা দুগৰাকীৰ সৈতে যুৱকজনে হাস্পতালখনৰ প্ৰসূতি বিভাগত গোপনে প্ৰৱেশ কৰে ৷ ইয়াৰ পাছতে এগৰাকী মহিলাই বিভাগটোৰ কোঠাত থকা এটি সদ্যজাত শিশু এটি কোলাত তুলি লয় ৷ ইয়াৰ পাছতে মহিলা গৰাকীয়ে শিশুটি লৈ কোঠাটোৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰে ৷ সেই সময়তে মহিলা গৰাকীৰ এই কার্যত সন্দেহ ওপজাত বিভাগটোত চিকিৎসাধীন এগৰাকী ৰোগীয়ে চিঞৰ বাখৰ কৰি হুলস্থল কৰে ৷ লগে লগে নিৰাপত্তাৰক্ষীয়ে মহিলা দুগৰাকীৰ শিশু দুটি উদ্ধাৰ কৰে আৰু আটক কৰে ৷
এই ঘটনাই সমগ্ৰ মেডিকেল কলেজ চৌহদত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ লগতে প্ৰশ্ন উত্থাপন হৈছে নিৰাপত্তাক লৈয়ো ৷ ইয়াৰ পূর্বেও বহু হাস্পতালত শিশু চুৰিৰ দৰে ঘটনা সময়ে সময়ে সংঘটিত হৈ আহিছে ৷