নিৰ্মাণৰ সময়ত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা বাবেই চুংথাম বান্ধে তীস্তাত হৰ্পা নদীৰ প্ৰভাৱ সহ্য কৰিব নোৱাৰিলে। বানত উটি গ’ল ৷ ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।
সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘বান্ধটো সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। বান্ধটো ভাঙি পৰাৰ বাবেই নামনিৰ বসতিস্থলত ভয়ংকৰ দুৰ্যোগৰ সৃষ্টি হৈছে।” তেওঁ আৰু কয়, “ডাৱৰৰ বাবে হ্ৰদটোৰ পানী বাগৰি আহিছে ৷ তীস্তাত বিপুল পৰিমাণৰ পানী নামি আহে। নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ বাবে বান্ধটোৱে পানীৰ চাপ ধৰি ৰাখিব নোৱাৰিলে। আৰু তাৰ বাবেই দক্ষিণ ছিকিমত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।” মথাউৰিটোত নিম্নমানৰ নিৰ্মাণ সামগ্ৰী ব্যৱহাৰ কৰা বুলি পূৰ্বৰ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে তেওঁ ।
লগতে তেওঁ কয় যে চুংথাম বান্ধৰ আশে-পাশে থকা অঞ্চলটো ধ্বংস হৈ গৈছে। অৱশ্যে দক্ষিণ ছিকিমৰ পৰিস্থিতি এতিয়াও সম্পূৰ্ণৰূপে জানিব পৰা হোৱা নাই। দক্ষিণ ছিকিম সম্পূৰ্ণ বিচ্ছিন্ন। সকলো ৰাস্তা আৰু দলং তীস্তা পানীয়ে উটুৱাই লৈ গৈছে ৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে তীস্তাৰ ওপৰত থকা ১৩খন দলং ধ্বংস হৈছে৷
তেওঁৰ ভাষাত, “ৰাজ্য চৰকাৰে কেন্দ্ৰৰ সৈতে উদ্ধাৰ অভিযান চলাই আছে। ক্ষতিগ্ৰস্ত অঞ্চললৈ সাহায্য প্ৰদানৰ লগতে উদ্ধাৰৰ কাম পূৰ্ণগতিত চলি আছে। কিন্তু বৃহস্পতিবাৰৰ বেয়া বতৰৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হয়। অৱশ্যে শুকুৰবাৰে বতৰৰ পৰিস্থিতিৰ উন্নতি ঘটে। আৰু তাৰ লগে লগে উদ্ধাৰৰ কামো ত্বৰান্বিত কৰা হৈছে। আৱদ্ধ হৈ থকা ৩ হাজাৰ পৰ্যটকক উদ্ধাৰ কৰাটোৱেই এতিয়া আমাৰ প্ৰথম লক্ষ্য। আমি এটা বিশেষজ্ঞ দল গঠন কৰিম। তেওঁলোকে যি ধৰণে তথ্য দিব, কাম আগবাঢ়িব।” মুখ্যমন্ত্রী গৰাকীয়ে এয়া এক বৃহৎ দুর্যোগ বুলিও মন্তব্য কৰে৷
চুংথামৰ এই বান্ধটো জলবিদ্যুৎ প্ৰকল্পৰ অন্তৰ্গত। এই প্ৰকল্পটোৰ ক্ষমতা হৈছে ১২০০ মেগাৱাট ।