চুবুৰীয়া ৰাজ্যৰে সীমা বিবাদ নাইকিয়া কৰিবলৈ অসম চৰকাৰে আলোচনা অব্যাহত ৰাখিছে ৷ মুখ্যমন্ত্ৰী পর্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে ৷ কিন্তু সময়ে সময়ে চুবুৰীয়া ৰাজ্যৰ পৰা অসমৰ সীমান্তৱর্তী এলেকাৰ অঞ্চলসমূহত আক্ৰমণ চলি আহিছে ৷ পুনৰ তেনে এক ঘটনাই সংঘটিত হ’ল সোণাৰিৰ কানুবাৰী চাহ বাগিচাত ৷
অসম নাগালেণ্ড সীমান্তৰ চাহ বাগিচাখনৰ সমীপত নগা দুবৃর্ত্তই চলোৱা গুলীচালনাত দুজন শ্ৰমিক আহত হয় ৷ গুলীচালনাত আহত শ্ৰমিক দুজন হৈছে দন্দু মাহালি আৰু সূৰজ মুণ্ডা ৷ এই ঘটনাই চাহ বাগিচাখনৰ শ্ৰমিকসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে ৷