গুৱাহাটী, ৯ অক্টোবৰ, ২০২৩: যোৱা ইং ০৮-১০-২০২৩ তাৰিখ ৰবিবাৰে পূৱ বতাহঘুলি নৱমিলন নাগাৰা নাম দলৰ সমুহ সদস্য একত্ৰিত হৈ দলটোৰ সাংগঠনিক স্বাৰ্থত এখনি গুৰুত্বপূৰ্ণ আলোচনা সভাৰ আয়োজন কৰে। শ্ৰী সিদ্ধেশ্বৰ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত, দিক্ষাগুৰু শ্ৰী মুকুল কলিতা দেৱৰ লগতে দলপতি শ্ৰী অনিৰাম দাস, সম্পাদক শ্ৰী বুলেন বৰ্মন, পূৱ বতাহঘুলি নৱমিলন নাগাৰা নাম দলৰ সদস্য আৰু বহুতো নিমন্ত্ৰিত অতিথি উপস্থিত থাকে।
সেই আলোচনা সভাত পূৱ বতাহঘুলি নৱমিলন নাগাৰা নাম দলৰ সদস্য সকলে শিল্পী প্ৰয়াত হীৰকজ্যোতি বৈশ্যৰ আত্মাৰ চিৰশান্তি কামনা কৰি একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে, যোৱা ১৭-০৯-২০২৩ ইং তাৰিখ ৰবিবাৰে কম বয়সতে নাগাৰা নামৰ ক্ষেত্ৰখনত বিশাল পৰিচয় সৃষ্টি কৰা সকলোৰে অতি মৰমৰ নিষ্ঠাবান শিল্পী হীৰক জ্যোতি বৈশ্যই হাজো আদাবাৰীৰ পগলাদিয়া নৈত গা ধুবলৈ গৈ মৃত্যুক আকোৱালি লয়।
সেই উদ্দেশ্যে, পূৱ বতাহঘুলি নৱমিলন নাগাৰা নাম দলে আয়োজন কৰা সভাখনত প্ৰয়াত শিল্পীগৰাকীৰ পিতৃ-মাতৃ আৰু দাদাকৰ লগতে পৰিয়ালৰ ব্যক্তিসকল উপস্থিত থাকে। পূৱ বতাহঘুলি নৱমিলন নাগাৰা নাম দলৰ তৰফৰ পৰা প্ৰয়াত হীৰকজ্যোতি বৈশ্যৰ সোৱৰণত শোকসন্তপ্ত পৰিয়াল বৰ্গৰ হাতত এখনি শোক প্ৰস্তাৱ অৰ্পণ কৰে।
উদিয়মান যুৱ শিল্পীগৰাকীৰ অকাল বিয়োগত অসমবাসীৰ লগতে পূৱ বতাহঘুলি নৱমিলন নাগাৰা নাম দলেও যথেষ্ট মৰ্মাহত হোৱা দেখা যায়। উল্লেখ্য যে, শিল্পী প্ৰয়াত হীৰকজ্যোতি বৈশ্যৰ প্ৰথম শিল্পীসত্তাৰ বিকাশ পূৱ বতাহঘুলি নৱমিলন নাগাৰা নাম দলৰ পৰাই আৰম্ভ হৈছিল।