২০২৪ বর্ষৰ মেট্ৰিক পৰীক্ষাৰ সূচী আজি ঘোষণা কৰা হৈছে ৷ অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা ৷ ৪ মার্চত অন্ত পৰিব মেট্ৰিক পৰীক্ষাৰ ৷ ইফালে, ২ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব ব্যৱহাৰিক পৰীক্ষা সমূহ ৷ ২ আৰু ৩ ফেব্ৰুৱাৰীত বিভিন্ন বিষয়ৰ ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ’ব ৷ ছেবাৰ জাননীত উল্লেখ কৰা অনুসৰি য’ত বিষয়সমূহৰ পৰীক্ষা অনুষ্ঠিত হ’ব সেই পৰীক্ষা কেন্দ্ৰতে ব্যৱহাৰিক পৰীক্ষাও অনুষ্ঠিত হ’ব ৷
সূচী অনুসৰি ১৬ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব ইংৰাজী বিষয়ৰ পৰীক্ষা ৷ ১৭ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব সংগীত, নৃত্য,কাঠ শিল্প আৰু বেংগলী বিষয়ৰ পৰীক্ষা ৷ সেইদিনাই পিছবেলা ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ মণিপুৰী আৰু চাওতালী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব ৷ ২০ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা ৷
২১ ফেব্ৰুৱৰীত পুৱা ৯ বজাৰ পৰা পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া ঐচ্চিক বিষয়সমূহ হৈছে ক্ৰমে ৰিটেইল ট্ৰেডএনএছকিউএফ, আই টি এনএছকিউএফ, প্ৰাইভেট ছিকিউৰিটি এনএছকিউএফ, হেল্থ কেয়াৰ এনএছকিউএফ,কৃষি আৰু উদ্যানশস্য এনএছকিউএফ,পর্যটন আৰু আতিথ্য এনএছকিউএফ,সৌন্দর্য্য আৰু সুস্থতা এনএছকিউএফ,অটোমেটিভ এনএছকিউএফ, ইলেক্ট্ৰনিকছ আৰু হার্ডৱেৰ এনএছকিউএফ, কৃষি দুগ্ধ কর্মী এনএছকিউএফ আৰু জীৱ-জন্তু স্বাস্থ্য কর্মী এনএছকিউএফ ৷ সেইদিনাই ঐচ্চিক অসমীয়াৰ পৰীক্ষা বিয়লি ১.৩০ বজাত অনুষ্ঠিত হ’ব ৷
২৩ ফেব্ৰুৱাৰীত আধুনিক অসমীয়া ভাষা আৰু ইংৰাজী (আইএল) বিষয়ৰ পৰীক্ষা পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব ৷ ২৬ ফেব্ৰুৱাৰীত সাধাৰণ বিজ্ঞানৰ পৰীক্ষা পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব ৷ ২৭ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব তাঁতশিল্প আৰু বয়ন ডিজাইন তথা বড়ো ঐচ্চিক বিষয়ৰ পৰীক্ষা ৷ ২৯ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব সাধাৰণ গণিতৰ পৰীক্ষা ৷ ২ মার্চত পুৱা ৯ বজাত অনুষ্ঠিত হ’ব ঐচ্চিক বিষয় হিন্দী আৰু সাজ-পোচাক ডিজাইনৰ পৰীক্ষা ৷ ৪ মার্চত অনুষ্ঠিত হ’বলগীয়া ঐচ্চিক বিষয়সমূহ হৈছে – উচ্চ গণিত, ভুগোল, বুৰঞ্জী,সংস্কৃত,কম্পিউটাৰ বিজ্ঞান, বাণিজ্য, গৃহ বিজ্ঞান,আৰবী, পার্চী, নেপালী ৷