এইবাৰ ৰাজপথ নহয়, ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ধুবুৰী আৰু গোৱালপাৰা জিলাৰ সীমান্তৱৰ্তী ব্ৰহ্মপুত্ৰৰ নদীৰ মাজৰ এক দুর্গম অঞ্চলত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। বিলাসীপাৰাৰ শাইলধৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড।২০ জনীয়া এটা ডকাইতৰ দলে ব্যৱসায়ীৰ এটা দলক আক্ৰমণ কৰি প্ৰায় ১০ লক্ষাধিক টকা লুটি লৈ যায় ৷
জানিব পৰা মতে, বজাৰৰ পৰা ব্রহ্মপুত্র নদীৰে নাৱেৰে উভতি আছিল ব্যৱসায়ী দলটো ৷ সেই সময়তে নদীৰ মাজতে অস্ত্রধাৰী ডকাইতৰ দলটোৱে আক্রমণ কৰে ব্যৱসায়ীৰ দলটোক। এই আক্ৰমণৰ ফলত ৬জন ব্যৱসায়ী আঘাতপ্ৰাপ্ত হয়।
উল্লেখ্য যে, স্থানীয় ৰাইজৰ তৎপৰতাত পলায়নৰ চেষ্টা কৰা ২জন ডকাইতক কৰায়ত্ত কৰা হয়। ধৃত ডকাইত দুজন ছাদ্দাম হুছেইন আৰু ছাহজামাল বুলি জানিব পৰা গৈছে। আহত ব্যৱসায়ীসকলক ইতিমধ্যেই বিলাসীপাৰাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি ২০ জনীয়া দুৰ্ধৰ্ষ ডকাইতৰ দলটোৱে ভটভটী নাৱেৰে আহি জলদস্যুৰ দৰে নদীৰ মাজত দুখন যন্ত্ৰচালিত ব্যবসায়ীৰ নাৱত আক্ৰমণ কৰে ৷ ডকাইতিৰ পিছত অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হৈছে। লক্ষণীয় যে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বিভিন্ন অঞ্চলৰ পৰা গোৱালপাৰা জিলাৰ জলেশ্বৰ বজাৰত মৰাপাট আৰু বিভিন্ন শস্য সামগ্ৰী, হাহঁ,কুকুৰা, গৰু, ম’হ আদি বিক্ৰী কৰি সন্ধিয়া ঘৰ অভিমুখে আহি থকা অৱস্থাত এই ডাইতি কাণ্ড সংঘটিত হয় ৷ মুখত ক’লা কাপোৰ বান্ধি আহি চোকা অস্ত্ৰ হাতত লৈ জলদস্যুৰ ষ্টাইলত সন্ত্ৰাস চলাই ডকাইতৰ দলটোৱে।