অর্থলোভে বহু মানুহক বিপথে পৰিচালিত কৰে ৷ আনকি অর্থলোভৰ বাবেই ভূলুণ্ঠিত হয় মানৱতা ৷ তেনে এক ঘটনাই এইবাৰ সংঘটিত হ’ল লখিমপুৰ জিলাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বালিয়নী গাঁৱত ৷ অর্থৰ লোভত নিজৰ সন্তানকে বিক্ৰী কৰিলে পিতৃয়ে ৷ জানিব পৰা মতে দ্বীপজ্যোতি গগৈ ওৰফে প্ৰসন্ন গগৈ নামৰ ৩৫ বছৰীয়া লোকজনে নিজ পুত্ৰক বিক্ৰী কৰাৰ অভিযোগ উঠিছে ৷
জানিব পৰা মতে ১৩ বছৰীয়া পুত্ৰক মাত্ৰ ৬৫,০০০ হাজাৰ টকাত অৰুণাচল প্ৰদেশৰ এজন লোকক বিক্ৰী কৰি দিয়ে দ্বীপজ্যোতিয়ে ৷ তেওঁৰ এই সিদ্ধান্তত একমত নাছিল পত্নী ৷ যাৰ বাবে তেওঁ আৰক্ষীৰ কাষ চাপে ৷ ইপিনে যোৱা সোমবাৰে সন্ধিয়া অৰুণাচলৰ পৰা স্বগৃহলৈ উভতি আহি পত্নীকো পাছদিনা পুৱা কৌশলেৰে অৰুণাচললৈ নিয়াৰ চক্ৰান্ত কৰিছিল দ্বীপজ্যোতিয়ে।
উল্লেখ্য যে, পুত্ৰক বিক্ৰী কৰাৰ অভিযোগ লাভ কৰাৰ পাছত গাঁওৰক্ষী বাহিনীয়ে লোকজনৰ ওপৰত দীৰ্ঘদিন ধৰি তীক্ষ্ণ নজৰ ৰাখিছিল । মঙলবাৰে গাঁওৰক্ষী বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত লোকজনক আটক কৰে। পৰৱৰ্তী সময়ত লোকজনক উত্তম মাধ্যম সোধাই গাঁওৰক্ষী বাহিনীয়ে ঘিলামৰা আৰক্ষীক গতাই দিয়ে । মঙলবাৰে নিশা অৰুণাচলৰ নাহৰলগুণনৰ পৰা ঘিলামৰা আৰক্ষীয়ে দ্বীপজ্যোতিৰ তথ্যৰ ভিত্তিত উদ্ধাৰ কৰা হয় কিশোৰজন।ইয়াৰ পূর্বেও বিভিন্ন অপৰাধমূলক কাম-কাজৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে ৷ পেছাত তেওঁ গাড়ীচালক ৷