অসম আৰক্ষীৰ উপ-পৰিদর্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত সম্পূর্ণ নৌহওতেই পুনৰ সংবাদ শিৰোনামলৈ আহিছে নগাওঁ আৰক্ষী ৷ বটদ্ৰৱাত আৰক্ষী থানা জ্বলাই দিয়াক কেন্দ্ৰ কৰি এইবাৰ নগাওঁ আৰক্ষীৰ একাংশ বিষয়া-জোৱান তদন্ত কমিটীৰ ওচৰত হাজিৰ হ’বলৈ নির্দেশ দিছে ৷ ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলে সহ ১৭ জন আৰক্ষী বিষয়া-জোৱানক এজনীয়া তদন্ত কমিটিৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰিছে ৷
১২ অক্টোবৰত অতিৰিক্ত মুখ্য সচিব অবিনাশ পি দাস যোশীৰ সন্মুখত হাজিৰ হ’ব লাগিব নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেৰ লগতে তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা, নিৰুপম হাজৰিকা, ডিএছপি ত্ৰিদীপ প্ৰতীম কুম্বাং, দিপ্তী মালি, দুৰ্লভ চন্দ্ৰ দাস, কলিয়াবৰৰ তদানীন্তন এছডিপিঅ’ মৃন্ময় দাস সহ ১৭ জন আৰক্ষী বিষয়া-জোৱান ৷
উল্লেখ্য যে, ২০২২ চনৰ ২১ মে’ৰ দিনা বটদ্ৰৱা আৰক্ষীৰ জিম্মাত ৰহস্যজনকভাবে শালনাবড়িৰ ছফিকুল ইছলাম নামৰ লোক এজনৰ মৃত্যু হৈছিল ৷ ইয়াৰ পিছতে একাংশ দুষ্কৃতিকাৰীয়ে বটদ্ৰৱা থানা জ্বলাই দিছিল ৷ পৰৱর্তী সময়ত নগাঁও আৰক্ষীয়ে প্ৰশাসনৰ সহযোগত শালনাবড়িত থকা ছফিকুল ইছলামৰ ঘৰ ভাঙি পেলাইছিল। এই ঘটনাক লৈ উচ্চ ন্যায়ালয়ত এটা নিজাববীয়া গোচৰ ৰুজু হৈছিল ৷ উচ্চ ন্যায়ালয়ে এই ঘটনাৰ তদন্ত নকৰাত অসন্তুষ্টি প্ৰকাশ কৰিছিল ৷ যাৰ বাবে ততাতৈয়াকৈ নগাওঁ আৰক্ষীৰ বিষয়া-জোৱানক হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে ৷