টিহু,১১ অক্টোৱৰঃ শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টিহুতো শাৰদীয় দুৰ্গোৎসৱলৈ ব্যাপক উৎসাহ উদ্দীপনা আৰম্ভ হৈছে। ঐতিহ্যমণ্ডিত ১২০ সংখ্যক টিহু বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গাপূজা মহোৎসৱ অহা ২০ অক্টোৱৰৰ পৰা ২৪ অক্টোৱৰলৈ পাঁচদিনীয়া বৰ্ণিল কাৰ্য্যসূচীৰে টিহু হাটখলাস্থিত দুৰ্গা মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হব। কাৰ্য্যসূচী অনুসৰি ২০ অক্টোৱৰৰ পুৱা টিহু বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গাপূজা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি পৱন হালৈয়ে পতাকা উত্তোলেনেৰে টিহু দুৰ্গা পূজাৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিব। দুৰ্গা পূজাৰ আটাইকেইদিনতে ধৰ্মীয়, বৌদ্ধিক, সাংস্কৃতিক আদি কাৰ্য্যসূচী অনুষ্ঠিত হব। ইয়াৰ ভিতৰত ২৪ অক্টোৱৰত বিজয়া দশমীৰ লগত সংগতি ৰাখি সন্ধিয়া টিহু হাইস্কুল খেলপথাৰত অনুষ্ঠিত হব ৰাৱন দাহন উৎসৱ। উক্ত উৎসৱৰ কাৰ্য্যসূচী অনুসৰি সন্ধিয়া ৰং বিৰঙৰ আতজবাজীৰে আকাশ আলোকিত কৰি বিশাল আকৃতিৰ ৰাৱনৰ প্ৰতিমূৰ্তি অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত দাহন কৰা হব। ইয়াৰ পূৰ্বে দুৰ্গা দেৱীৰ প্ৰতিমূৰ্তি সুসজ্জিত হাতী,বাহন আৰু সুমধুৰ বেণ্ডেৰে টিহু নগৰ পৰিভ্ৰমন কৰাৰ অন্তত টিহু নদীৰ শ্বহীদ স্মৃতি উদ্যান ঘাটত বিসৰ্জন দিয়া হব। উক্ত কাৰ্য্যসূচীত স্থানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকিব। পূজা মহোৎসৱৰ লগত সংগতি ৰাখি গুণজিৎ কলিতাৰ সম্পাদনাত “কাত্যায়নী” নামৰ এখন মুখপত্ৰ প্ৰকাশৰো যোজা চলোৱা হৈছে। ইপিনে, ব্যস্ততাৰ শেষ নাই “মৃৎ শিল্পী”সকলৰ। প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পীসকল। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ টিহুতো মৃৎ শিল্পীসকলে নিৰ্মান কৰিছে দূৰ্গা দেৱীৰ প্ৰতিমা।