বুধবাৰে নিশা ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় অসম অভিমুখী ১২৫০৬ নম্বৰ নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’ল ৷ নামনিমুৱা ৰে’লখন বিহাৰৰ বক্সৰ জিলাস্থিত ৰঘুনাথপুৰ ৰে’লৱে ষ্টেচনৰ সমীপত ১৫টা দবা লাইনচ্যুত হয় আৰু ছটা দবা বাগৰি পৰে।প্ৰাপ্ত তথ্য অনুসৰি এই ৰে’লখনত ৫২২ জন যাত্ৰী ৷ কামাখ্য ৰে’লষ্টেচনে ইতিমধ্যে ০৩৬১-২৬৭৪৮৫৭ হেলপলাইন নম্বৰ মুকলি কৰিছে ৷ উদ্ধাৰকাৰী দলে পুৱতি নিশালৈ লাইনচ্যুত হোৱা ডবাৰ ভিতৰত আৱদ্ধ হৈ থকা যাত্ৰীসকলৰ উদ্ধাৰ সম্পূৰ্ণ কৰিছে। এই দুর্ঘটনাত এটি ৮ বছৰীয়া শিশুসহ ৪ জন যাত্ৰী নিহত হৈছে ৷ ৩৩ বছৰীয়া উষা ভাণ্ডাৰী, ৮ বছৰীয়া আকৃতি ভাণ্ডাৰী, ২৭ বছৰীয়া আবু জেদ আৰু ৩২ বছৰীয়া নৰেন্দ্ৰৰ দুর্ঘটনাত মৃত্যু হৈছে। আহত শতাধিক লোকক বিহাৰৰ বিভিন্ন হাস্পতালত ভর্ত্তি কৰোৱা হৈছে ৷মৃত মাতৃ-কন্যা উষা ভাণ্ডাৰী আৰু আকৃতি ভাণ্ডাৰী তিনিচুকীয়াৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে তেওঁলোকৰ মৃতদেহ পৰিয়ালক গটাই দিয়া হৈছে ৷ তেওঁলোকৰ মৃতদেহ পৰিয়ালৰ লোকে অসমলৈ এম্বুলেঞ্চযোগে আনি আছে বুলি জানিব পৰা গৈছে ৷
আনহাতে, দুৰ্ঘটনাত উদ্ধাৰ কৰা যাত্ৰীসকলক ৰে’লেৰে পুৱতি নিশা ৪ বজাত আন এখন ৰে’লেৰে কামাখ্যা ৰে’লৱে ষ্টেচনলৈ ৰাওনা হৈছে। প্ৰায় ৩০ জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা হৈছে। দুর্ঘটনাত অসমৰ এজন ৰে’লকর্মী সন্ধানহীন হৈছে বুলি জানিব পৰা গৈছে ৷ নগাৱঁৰ কাচৈৰ চিৰাজুল হক সন্ধানহীন হৈ আছে ৷ ৰেড ৰোল কর্মচাৰী হিচাপে তেওঁ কর্মৰত হৈ আছিল ৷
উল্লেখ্য যে দিল্লীৰ আনন্দ বিহাৰ ষ্টেচনৰ পৰা গুৱাহাটীৰ কামাখ্যালৈ আহি থকা ৰে’লখন বক্সৰ জংছনৰ পৰা ৰাওনা হোৱাৰ ৪৬ কিঃমিঃ পিছতে ৰঘুনাথপুৰ ষ্টেচনত উপস্থিত হোৱাৰ পূৰ্বে দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ পিছতে সেই পথেৰে আহিবলগীয়া আন ৰে’লসমূহ ৰখাই দিয়া হৈছে। এখন ৰে’লৰ চলাচলৰ সময় সলনি কৰাৰ লগতে ৮খন ৰে’লৰ চলাচল বাতিল কৰা হৈছে। ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ, কামাখ্যা এক্সপ্ৰেছ, গুৱাহাটী এক্সপ্ৰেছ, ভাগলপুৰ গৰীৱ ৰথ এক্সপ্ৰেছ, আনন্দ বিহাৰ ৰাধিকাপুৰ এক্সপ্ৰেছৰ, পাটলিপুত্ৰ এছ এফ এক্সপ্ৰেছ আৰু পুনে-দানাপুৰ এছ এফ এক্সপ্ৰেছৰ পথ সলনি কৰা হৈছে।
নিশাই দুর্ঘটনাস্থলীত উপস্থিত হৈছে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ ৷প্ৰশাসনে নিহতসকললৈ ১০ লাখ টকাৰ সাহায্য আৰু গুৰুতৰভাৱে আহতসকললৈ ২.৫লাখ টকাৰ সাহায্য আগবঢ়োৱাৰ লগতে সামান্য আহত হোৱা সকললৈ ৫০ হাজাৰ টকা সাহায্য আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছে।