চমু চাপি আহিছে লোকসভা নির্বাচনৰ দিন ৷ ইয়াৰ লগে লগে চৰকাৰৰ হিতাধিকাৰী সৃষ্টিৰ আঁচনিৰ সংখ্যাও বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে ৷ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি নিবনুৱা যুৱক-যুৱতীক ২ লাখ টকা, আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক ১০০০০ হেজাৰকৈ টকা প্ৰদান কৰা হ’ব ৷ তদুপৰি অৰুণোদয় ২.০ আঁচনি মুকলি কৰি নতুন হিতাধিকাৰী অন্তভুর্ক্ত কৰা হৈছে ৷ ইয়াৰ লগে লগে অৰুণোদয় পৰিয়ালৰ সংখ্যা ২৭ লাখলৈ বৃদ্ধি পাইছে ৷ ইয়াৰ মাজতে এইবাৰ ৰাজ্য চৰকাৰে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক শুকুৰবাৰে বিতৰণ কৰিব চাইকেল ৷
চৰকাৰী তথ্য অনুসৰি মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে শুকুৰবাৰে বিতৰণ কৰিব চাইকেলসমূহ ।ৰাজ্যৰ ৩ লাখ ৬৯ হাজাৰ ৪৫৪ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব বিনামূলীয়া এই চাইকেল। ইয়াৰে ভিতৰত ১,৬০,৬১২ জন ছাত্ৰ আৰু ২.০৮,৮৪২ গৰাকী ছাত্ৰী ৷ ৩৫ জিলাত একেলগে বিতৰণ কৰা হ’ব এই চাইকেলসমূহ।প্ৰতিখন চাইকেলৰ মূল্য ধার্য কৰা হৈছে ৪৩৫৬ টকা ৷ আঁচনিখনত মুঠ ব্যয় হ’ব ১৬০,৯৩,৪১,৬২৪ টকা ৷