প্ৰকৃতি আৰু মানৱ সমাজ এটা মুদ্ৰাৰে ইপিঠি-সিপিঠি ৷ এটা আনটোৰ অবিহনে কেতিয়াও বর্তি থাকিব নোৱাৰে ৷ কিন্তু বিভিন্ন কাৰণত আমাৰ পাৰিপাশ্চির্কতালৈ বিভিন্ন ভাবুকি আহিছে ৷ যাৰ প্ৰভাৱ পৰিছে বন্য পশু-পক্ষীৰ ওপৰত ৷ ইয়াৰ মাজতে লখিমপুৰ-ধেমাজি-মাজুলীৰ একাংশ প্ৰকৃতিপ্ৰেমীয়ে অনুষ্ঠিত কৰে এক ব্যতিক্ৰম অনুষ্ঠান ৷
যাৰ নাম দিয়া হৈছে পক্ষী নিৰীক্ষণ বা চৰাই চোৱা কার্যসূচী ৷ লখিমপুৰ-ধেমাজি-মাজুলীৰ প্ৰকৃতিপ্ৰেমীসকলে গোগামুখৰ সোৱণশিৰি ইক’ কেম্পত প্ৰথমবাৰৰ বাবে বাৰ্ডিং মিট অনুষ্ঠিত কৰিছে ৷ এই অঞ্চলৰ ঘাঁহনি, জলাশয় আৰু বনৰীয়া চৰাইৰ চহকী সম্পদসমূহে পৰ্যটনক প্ৰসাৰিত কৰিব পাৰে। ইয়াৰ জৰিয়তে পক্ষী সুৰক্ষা সজাগতা সৃষ্টি হ’ব বুলি আশা কৰা হৈছে ৷ ধেমাজি –লখিমপুৰ পক্ষী সংৰক্ষণ ছছাইটিৰ উদ্যোগত ১১ আৰু ১২ অক্টোবৰত এই কার্যসূচী অনুষ্ঠিত হয় ৷ বগীবিল আৰু সোণশিৰি সংৰক্ষিত এলেকাসমূহত তেওঁলোকে চৰাই নিৰীক্ষণ কৰে ৷